বেদ
ভাৰতীয় সংস্কৃতিৰ মূলাধাৰ “ বেদ-সংহিতা” / From Wikipedia, the free encyclopedia
বেদ (সংস্কৃত: वेद ) হৈছে হিন্দুধৰ্মৰ সৱাতোতকৈ পুৰণি ধৰ্ম গ্ৰন্থ। বেদ শব্দৰ অৰ্থ হৈছে জ্ঞান, ভাৰতীয় বিশ্বাস অনুযায়ী বেদসমূহ অপৌৰুষেয়, ইয়াৰ কোনো ৰচক নাই। পৰম্পৰা অনুসৰি ব্যাস মুনি হৈছে বেদৰ সংকলক, তেখেতে চাৰিপ্ৰকাৰৰ মন্ত্ৰক একেলগ কৰি বেদ সংকলন কৰিছিল।[1][2] চাৰিখন বেদৰ নাম হৈছে ঋকবেদ, যজুৰবেদ, সামবেদ আৰু অথৰ্ববেদ।[3][4] ইয়াৰ ভিতৰত ভিতৰত সকলোতকৈ পুৰণি বেদখন হ'ল ঋকবেদ। প্ৰতিখন বেদকেই সংহিতা (মন্ত্ৰ আৰু প্ৰাৰ্থনা), ব্ৰাহ্মণ (উৎসৱ, পূজাবিধি আৰু উছৰ্গাৰ নিয়ম), আৰণ্যক আৰু উপনিষদ (ধ্যান, দৰ্শন আৰু আধ্যাত্মিক জ্ঞান)-ত ভাগ কৰা হৈছে।[3][5][6] কিছুমান পণ্ডিতে উপাসনা নামৰ এটা পঞ্চম শ্ৰেণীও যোগ দিছে।[7][8]
হিন্দু ধৰ্ম | |||||||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
শাস্ত্ৰ
| |||||||||||||||||||||||
ধৰ্মাচৰণ
| |||||||||||||||||||||||
গুৰু
| |||||||||||||||||||||||
অন্যান্য প্ৰসঙ্গ
| |||||||||||||||||||||||
বেদক শ্ৰুতি বুলিও জনা যায়,[9] যিয়ে বেদক স্মৃতি নামৰ আন ধৰ্মগ্ৰন্থৰ পৰা পৃথক কৰে। নৈষ্ঠিক ভাৰতীয় ধৰ্মতাত্ত্বিকসকলে বেদ প্ৰাচীন ঋষিসকলৰ গভীৰ সাধনাৰ ফল বুলি অভিহিত কৰে আৰু এই পাঠসমূহ প্ৰাচীন সময়ৰ পৰা খুব সাবধানেৰে সংৰক্ষণ কৰি অহা হৈছে।[10][11] হিন্দু মহাকাব্য মহাভাৰতৰ মতে বেদৰ ৰচয়িতা হৈছে ব্ৰহ্মা।[12] বৈদিক মন্ত্ৰসমূহত সেইসমূহ ঋষিসকলৰ দ্বাৰা খুব পাৰদৰ্শিতাৰে ৰচনা কৰা বুলি কোৱা হৈছে।[11][note 1]