বিহু
অসম ৰাজ্যৰ জাতীয় উৎসৱ / From Wikipedia, the free encyclopedia
বিহু (ইংৰাজী: Bihu) অসমৰ জাতীয় উৎসৱ। অসমৰ লগতে অসমৰ কোনো কোনো দাঁতি-কাষৰীয়া ৰাজ্যতো কোনো জাতি জনজাতিৰ লোকে বিহু বা ইয়াৰ সমাৰ্থক উৎসৱ পালন কৰা দেখা যায়। বিহুৰ এক বিশেষ বৈশিষ্ট্য হ'ল ই জাতি, বৰ্ণ নিৰ্বিশেষে সকলো লোকে একেলগে উদযাপন কৰিব পৰা এক উৎসৱ।[1] বিহু মূলতঃ এক কৃষি ভিত্তিক উৎসৱ। "কৃষি উৎসৱ ঘাইকৈ তিনিটা: খেতিৰ আৰম্ভণিৰ বেলিকা, খেতিৰ বাঢ়নী বতৰত আৰু খেতি চপোৱাৰ শেষত। "[2] অসমত পালন কৰা বিহু তিনিটা হ'ল: ব'হাগ বিহু বা ৰঙালী বিহু, কাতি বিহু বা কঙালী বিহু, আৰু মাঘ বিহু বা ভোগালী বিহু।এই তিনিটা বিহুৰ ভিতৰত ৰঙালী বিহুত ৰঙ আনন্দৰ মাত্ৰা সৰ্বাধিক।
এই প্ৰবন্ধ অথবা অনুচ্ছেদৰ ব্যাকৰণ, লিখনশৈলী, ধাৰাবাহিকতা, সামঞ্জস্য অথবা বানানৰ শুদ্ধিৰ বাবে অনুলিপি সম্পাদনাৰ প্ৰয়োজন। আপুনি এইখন সম্পাদনা কৰি প্ৰবন্ধটো নিখুত হোৱাত সহায় আগবঢ়াব পাৰে। আপুনি কিদৰে সহায় কৰিব তাৰে দিকনিৰ্দেশনা ইয়াত দিয়া আছে। |
ক্ষিপ্ৰ তথ্য বিহু, পালন কৰে ...
বিহু | |
---|---|
বিহু নৃত্য শিল্পী | |
পালন কৰে | অসমীয়া |
প্ৰকাৰ | কৃষিভিত্তিক উৎসৱ ভাৰতীয় উৎসৱ |
বন্ধ কৰক