জন্মাষ্টমী
From Wikipedia, the free encyclopedia
জন্মাষ্টমী (দেৱনাগৰী: जन्माष्टमी janmāṣṭamī) হৈছে হিন্দু ধৰ্মৰ ভগৱান বিষ্ণুৰ অষ্টম অৱতাৰ শ্ৰীকৃষ্ণৰ বাৰ্ষিক জন্মোৎসৱ।[1] ইয়াক কৃষ্ণ জন্মাষ্টমী, কৃষ্ণাষ্টমী, গকুলাষ্টমী, অষ্টমী ৰোহিণী, শ্ৰীকৃষ্ণ জয়ন্তী আদি নামেৰেও জনা যায়।
কৃষ্ণ জন্মাষ্টমী | |
---|---|
কৃষ্ণৰ প্ৰতিমূৰ্তিৰ এখন ছবি | |
পালন কৰে | হিন্দু |
প্ৰকাৰ | ধৰ্মীয় |
তাৰিখ | ভাদ, কৃষ্ণ পক্ষ, অষ্টমী |
উদযাপন | ২-৮ দিন |
আচাৰ | উপবাস, পূজা-প্ৰাৰ্থনা |
এই উৎসৱ হিন্দু বৰ্ষপঞ্জীমতে ভাদ মাহৰ কৃষ্ণ পক্ষৰ অষ্টমী তিথিত (গ্ৰেগৰিয়ান বৰ্ষপঞ্জীমতে আগষ্ট-ছেপ্টেম্বৰ) পালন কৰা হয়।[2]কৃষ্ণৰ জীৱনৰ নাটকীয় উপস্থাপন ৰাস লীলা মথুৰা, বৃন্দাবন, মণিপুৰ আদি ঠাইত এই উৎসৱৰ লগতে কৰা হয়।[3] ৰাস লীলাত কৃষ্ণৰ ডেকা বয়সৰ কৰ্ম-কাণ্ড দেখুওৱা হয়, আনহাতে Dahi Handi প্ৰথাত কৃষ্ণৰ দুষ্ট স্বভাৱ প্ৰতিফলিত কৰা হয় য'ত কেইবাজনো ল'ৰা মিলি ওখ ঠাইত বান্ধি থোৱা মাখনৰ টেকেলী ভাঙিবলৈ চেষ্টা কৰে। এই পৰম্পৰাক তামিলনাডুত উৰিয়াদি নামৰে পালন কৰা হয়। কৃষ্ণৰ জন্ম হওঁতে নন্দই সকলোকে উপহাৰ বিলোৱাৰ কাহিনী উদ্যাপন কৰিবলৈ কৃষ্ণ জন্মাষ্টমীৰ পাছত বহু ঠাইত নন্দোৎসৱ পালন কৰা হয়।[4]