ওনাম
From Wikipedia, the free encyclopedia
ওনাম (মালয়ালম: ഓണം; ইংৰাজী: Ōṇaṁ) দক্ষিণ ভাৰতৰ কেৰালাৰ মালয়ালী সকলে পালন কৰা বাৰ্ষিক[4][5][6] উৎসৱ।[7][8] ওনাম এক কৃষিভিত্তিক উৎসৱ। কেৰালাত প্ৰচলিত মালয়ালী দিনপঞ্জী পঞ্চাংগম অনুসৰি চিঙাম মাহৰ ২২তম নক্ষত্ৰ থিৰুভোনাম পৰা দিনা ওনাম পালন কৰা হয়। গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসৰি ওনাম আগষ্ট-ছেপ্টেম্বৰ তাৰিখে অনুষ্ঠিত হয়।[9][10] এই উৎসৱ ৰজা মহাবালিৰ স্মৰণ কৰিবলৈ পালন কৰা হয়। জনশ্ৰুতি মতে তেওঁৰ আত্মাই ওনামৰ সময়ত কেৰালা ভ্ৰমণ কৰিবলৈ আহে।[11][10]
ওনাম[1] থিৰুভোনাম | |
---|---|
ওনাম উপলক্ষে বনোৱা পুকালাম নামৰ ফুলৰ আল্পনা | |
পালন কৰে | কেৰালাৰ মালয়ালী সকল |
মহত্ব | কৃষিভিত্তিক শস্য চপোৱা উৎসৱ[2][3] |
তাৰিখ | চিঙাম (আগষ্ট/ছেপ্টেম্বৰ) |
আচাৰ | সাদ্য, থিৰুভাথিৰা কালি, পুলি কালি, পুকালাম, ওনা-থাল্লু, থ্ৰিক্কাকাৰায়াপ্পান, ওনাথাপ্পান, ৰছী টনা, থুম্বী থুল্লাল, ওনাভিল্লু, কাজচাক্কুলা, এথাছামায়াম আৰু ভাল্লামকালি |
সম্পৰ্কিত | বালিপ্ৰতিপদ |
অৱধি | ১০ দিন |
সংঘটন | বাৰ্ষিক |
ওনাম কেৰালাৰ আৰু কেৰালাৰ বাহিৰৰ বসবাস কৰা মালয়ালী লোকসকলৰ বাবে মুখ্য বাৰ্ষিক অনুষ্ঠান। ই একপ্ৰকাৰৰ শস্য চপোৱাৰ উৎসৱ। ই কেৰালাৰ বিষু আৰু থিৰুভাথিৰাৰ সৈতে তিনিটা মুখ্য উৎসৱৰ অন্যতম।[12] ওনাম উদযাপনৰ লগত ভাল্লাম কালি (নৌকা প্ৰতিযোগিতা), পুলি কালি (বাঘ নৃত্য), পুকালাম নামৰ ফুলৰ আল্পনা, ওনাথাপ্পান (পূজা), ওনাম কালি, ৰছী টনা, থাম্বি থুলাল (মহিলাসকলৰ নৃত্য), কুমতি কালি (মুখা নৃত্য), ওনাথাল্লু (সমৰ কলা), ওনাভিল্লু (সংগীত), কাজচাক্কুলা, ওনাথাপ্পান (সাজপাৰ) আৰু এথাছামায়াম (লোকনৃত্য আৰু গীত) আদি জড়িত আছে।[13] ওনাম মালয়ালী সকলৰ নৱবৰ্ষৰ দিন।[14][15]
'উথৰডম' অৰ্থাৎ ওনামৰ এদিন আগৰ পৰা মুঠ চাৰি দিন কেৰালাত ৰাজহুৱা ছুটিৰ দিন।[16] ৰাজধানী থিৰুঅনন্তপুৰমৰ প্ৰায় ৩০টা স্থানত বৃহৎ পৰিসৰৰ ওনাম অনুষ্ঠিত কৰা হয়।[17] বিশ্বত সিঁচৰত হৈ থকা মালয়ালী সকলে নিজ নিজ দেশত উলহ-মালহেৰে ওনাম উদযাপন কৰে।[10] যদিও ইয়াৰ উৎস হিন্দু ধৰ্মৰ পৰা লাগিছে ওনাম কেৰালাৰ সকলো সম্প্ৰদায়ৰ এক সাংস্কৃতিক মহোৎসৱ হিচাপে পালন কৰা হয়।[10][18][16]