ব্ৰহ্মাণ্ড পুৰাণ
সংস্কৃত ভাষাত ৰচিত হিন্দু ধৰ্মৰ অষ্টাদশ মহাপুৰাণৰ ভিতৰত অন্যতম / From Wikipedia, the free encyclopedia
ব্ৰহ্মাণ্ড পুৰাণ (ইংৰাজী: Brahmāṇḍa Purāṇa; সংস্কৃত: ब्रह्माण्ड पुराण ) হৈছে মহৰ্ষি বেদব্যাস প্ৰণীত সংস্কৃত ভাষাত ৰচিত হিন্দু ধৰ্মৰ অষ্টাদশ মহাপুৰাণৰ ভিতৰত অন্যতম। মধ্যযুগীয় ভাৰতীয় সাহিত্যত এই পুৰাণক “বায়বীয় পুৰাণ” বা “বায়বীয় ব্ৰহ্মাণ্ড” নামেৰেও উল্লেখ কৰা হৈছে। ১২ হাজাৰ শ্লোকৰে সমৃদ্ধ এই পুৰাণত পৌৰাণিক ভূগোল, জ্যোতিৰ্বিজ্ঞান, আধ্যাত্ম ৰামায়ণ আদি বিষয় সমাহিত।