চূড়াকৰণ
From Wikipedia, the free encyclopedia
চূড়াকৰণ (সংস্কৃত: चूड़ाकरण ) বা মুণ্ডন (সংস্কৃত: मुण्डन ) হিন্দুসকলৰ পালনীয় ষোল্লটি প্ৰধান বৈদিক ধৰ্মীয় আচাৰৰ এটা অন্যতম আচাৰ। সেই অনুসৰি চূড়াকৰণ অষ্টম আচাৰ। গৰ্ভাৱস্থাত সন্তানৰ মূৰত যি চুলি উৎপন্ন হয়, সেয়া মাঙ্গলিক অনুষ্ঠানসহ ক্ষুৰাই দিয়াকে চূড়াকৰণ বুলি কোৱা হয়। হিন্দু ধৰ্মৰ বাহিৰেও জৈন ধৰ্ম আৰু বৌদ্ধ ধৰ্মৰ কোনো কোনো শাখাসম্প্ৰদায়ে এই আচাৰ-অনুষ্ঠানৰ মান্যতা দিয়ে।
এই সংস্কাৰসমূহ গৰ্ভাৱস্থা, শিশুৰ জন্ম, শিক্ষা, বিবাহ ও মৃত্যুৰ সৈতে সম্পৰ্কযুক্ত। সংস্কাৰসমূহৰ সংখ্যাক লৈ বিতৰ্ক নোহোৱা নহয়। গাৰ্যসূত্ৰ মতে সংস্কাৰৰ সংখ্যা ১২ বা ১৮টা। পিছলৈ ১৬টা সংস্কাৰে মান্যতা লাভ কৰে।[1] এই সমূহকেই ষোড়শ সংস্কাৰ বোলা হয়। এই সংস্কাৰসমূহ হল: গৰ্ভাধাণ, পুংসবন, সীমন্তোন্নয়ন, জাতকৰ্ম, নামকৰণ, নিষ্ক্ৰমণ, অন্নপ্ৰাসন, চূড়াকৰণ, কৰ্ণভেদ, বিদ্যাৰম্ভ, উপনয়ন, বেদাৰম্ভ, কেশান্ত ও ঋতুশুদ্ধি, সমাবৰ্তন, বিবাহ আৰু অন্ত্যেষ্টি। 'চূড়াকৰণ' শব্দটো 'চূড়' আৰু 'কৰণ' শব্দৰ সন্ধিত সৃষ্টি হৈছে। চূড় বা চূড়া মানে হৈছে টিকনি[2] আৰু কৰণ মানে কাৰ্য সম্পাদন[3] অৰ্থাৎ চূড়াকৰণ মানে হৈছে টিকনি ৰখা কাৰ্য।[4]