উপনয়ন
ধৰ্মীয় আচাৰ / From Wikipedia, the free encyclopedia
উপনয়ন বা লগুণদিয়নি হিন্দুসকলৰ পালনীয় ষোল্লটি প্ৰধান বৈদিক ধৰ্মীয় আচাৰৰ এটা অন্যতম আচাৰ।[1] সেই অনুসৰি উপনয়ন একাদশতম আচাৰ। এই আচাৰ সমূহক সংস্কাৰ বুলি কয়। গাৰ্যসূত্ৰ মতে সংস্কাৰৰ সংখ্যা ১২ বা ১৮টা। পিছলৈ ১৬টা সংস্কাৰে মান্যতা লাভ কৰে।[2] এই সমূহকেই ষোড়শ সংস্কাৰ বোলা হয়। এই সংস্কাৰসমূহ হল: গৰ্ভাধাণ, পুংসবন, সীমন্তোন্নয়ন, জাতকৰ্ম, নামকৰণ, নিষ্ক্ৰমণ, অন্নপ্ৰাসন, চূড়াকৰণ, কৰ্ণভেদ, বিদ্যাৰম্ভ, উপনয়ন, বেদাৰম্ভ, কেশান্ত ও ঋতুশুদ্ধি, সমাবৰ্তন, বিবাহ আৰু অন্ত্যেষ্টি। উপনয়নৰ দ্বাৰা হিন্দু ল'ৰা বা বালক এজনক ব্ৰাহ্মণ্য সংস্কাৰে দীক্ষিত কৰোৱা হয়। হিন্দু ঐতিহ্য অনুসাৰে, উপনয়ন হিন্দু বালকৰ শিক্ষাৰম্ভকালীন এটি অনুষ্ঠান।