ফাকুৱা
বসন্তৰ ৰঙৰ উৎসৱ / From Wikipedia, the free encyclopedia
ফাঁকুৱা (ইংৰাজী: Holi, হিন্দী: होली) ফাগুন মাহৰ পূৰ্ণিমাত হিন্দু ধৰ্মৰ লোকসকলে উদ্যাপন কৰা ৰঙৰ উৎসৱ। ফাঁকুৱাক হোলী, দৌলোৎসৱ, ফল্গুৎসৱ, ফাগুৱা, ফাঁকু, মদনোৎসৱ আদি বিভিন্ন নামেৰে জনা যায়। সমগ্ৰ ভাৰতবৰ্ষতে হিন্দুসকলৰ প্ৰাচীনতম উৎসৱসমূহৰ ভিতৰত ফল্গুৎসৱ ফাগুন বা চ'ত মাহৰ পূৰ্ণিমা তিথিত পালন কৰা হয়। এই উৎসৱ প্ৰাচীন মদন পূজাৰ এক আনুষংগিক উৎসৱ। হিন্দুসকলৰ আৰাধ্য দেৱতা শ্ৰীকৃষ্ণ বা বিষ্ণুৰ উদ্দেশ্য কৰি এই উৎসৱ পালন কৰা হয়। ধৰ্মীয় আৰু লৌকিক পৰম্পৰাৰে পালন কৰা হোলী উৎসৱৰ সৃষ্টিৰ সৈতে বহুতো পৌৰাণিক আখ্যান জড়িত হৈ আছে।[1]
ক্ষিপ্ৰ তথ্য ফাঁকুৱা, অন্য নাম ...
ফাঁকুৱা | |
---|---|
ৰাধা আৰু অন্যান্য গোপীসকলৰ লগত ফাঁকুৱা খেলা অৱস্থাত কৃষ্ণ | |
অন্য নাম | দৌলযাত্ৰা, দৌলপূৰ্ণিমা, বসন্তোৎসৱ, হোলী, ফল্গুৎসৱ |
পালন কৰে | ভাৰতীয় (হিন্দু, শিখ, বৌদ্ধ, জৈন) আৰু নেপালী |
প্ৰকাৰ | হিন্দু |
আৰম্ভ হয় | ফাগুনী পূৰ্ণিমা |
তাৰিখ | ফাগুন (ফেব্ৰুৱাৰী-মাৰ্চ) |
উদযাপন | ৩ - ১৬ দিন |
বন্ধ কৰক