গোপী
গো পালক / From Wikipedia, the free encyclopedia
গোপী (गोपी) হৈছে এটা সংস্কৃত ভাষাৰ শব্দ আৰু শব্দটি গোপাল শব্দৰ পৰা উদ্ভূত হৈছে যাৰ অৰ্থ হৈছে গোৰ পালক বা গৰুৰ লালন-পালনকৰ্তা। হিন্দু ধৰ্মৰ বৈষ্ণৱবাদৰ আখ্যানসমূহত গোপিকা (গোপীৰ স্ত্ৰীবাচক ৰূপ) শব্দটো গোৱালীসকল(পশুপালনৰ বৃত্তিত জড়িত বালিকা)ৰ এক বিশেষ গোটক বুজাবলৈ বহুলভাৱে ব্যৱহৃত হয়। ভাগৱত পুৰাণ আৰু অন্যান্য পৌৰাণিক সাহিত্যত বৰ্ণিত ব্যাখ্যা অনুসৰি এই বালিকাসকল ভগৱান কৃষ্ণৰ প্ৰতি নিঃশ্চৰ্ত আৰু অচলা ভক্তিপ্ৰেমত নিৱদ্ধ আছিল। বালিকাবৃন্দৰ ভিতৰত ৰাধা (বা ৰাধিকা হিচাপেও জনাজাত) নামৰ গোপিকা গৰাকীক হিন্দুসকলৰ বহু ধৰ্মীয় পৰম্পৰাত, বিশেষকৈ গৌডীয় বৈষ্ণৱবাদত; বিশেষ উচ্চ শ্ৰদ্ধাপূৰ্ণ স্থান আৰু গুৰুত্ব প্ৰদান কৰা হয়। [1] গৌডীয় বৈষ্ণৱবাদত বৃন্দাবনৰ ১০৮ গৰাকী গোপিকাৰ উল্লেখ আছে। উল্লেখ্য যে, ৰাধা আৰু আন গোপীসকলক গোৱালী হিচাপে অভিহিত কৰা হৈছে যদিও বৈষ্ণৱবাদৰ ধৰ্মতাত্ত্বিক গূঢ়াৰ্থ অনুসৰি তেওঁলোক হৈছে দেৱলোকৰ পৰম-পুৰুষ শ্ৰীকৃষ্ণৰ চিৰন্তন সেৱিকা। এইদৰেই, গোৱালীসকল হৈছে আভ্যন্তৰীন (আন্তঃ) শক্তি, বা অন্তঃৰঙ্গ শক্তি, আৰু পৰম-পুৰুষ ঈশ্বৰৰ আন্তঃ-শক্তিৰ বিস্তাৰ।