দেৱালী
ভাৰতীয় উৎসৱ / From Wikipedia, the free encyclopedia
দেৱালী, দীপাৱলী বা দ্বীপান্বিতা চাৰি-পাঁচ দিনীয়া ভাৰতীয় পোহৰৰ উৎসৱ। প্ৰতি বছৰে শৰৎ কালত কাতি মাহৰ অমাবস্যা তিথিত হিন্দু সকল, জৈন সকল, শিখ সকল, আৰু কিছু বৌদ্ধ সকলে এই উৎসৱ পালন কৰে।[2][3] এই উৎসৱ অত্যন্ত জনপ্ৰিয় আৰু ই "অন্ধকাৰৰ বিৰুদ্ধে পোহৰৰ, বেয়াৰ বিৰুদ্ধে ভালৰ আৰু অজ্ঞানৰ বিৰুদ্ধে জ্ঞানৰ বিজয়"ক প্ৰতিনিধিত্ব কৰে। পোহৰে জ্ঞান আৰু বিবেকক বুজায়।[4][5] দেৱালীৰ সময়ত ঘৰ-দুৱাৰ, দোকান-পোহৰ, কাৰ্যালয়, মন্দিৰ আদি নানান আলোকসজ্জাৰে আলোকিত কৰা হয়।[6] দেৱালীৰ ৰীতি-নীতি পাঁচদিনীয়াকৈ চলে যদিও উৎসৱৰ তৃতীয় দিনা হিন্দু দিনপঞ্জীমতে বছৰৰ আটাইতকৈ অন্ধকাৰ দিন কাতি মাহৰ অমাবস্যা তিথিত মূল দেৱালী পালন কৰা হয়। গ্ৰেগৰিয়ান বৰ্ষপঞ্জী মতে দ্বীপান্বিতা উৎসৱ সাধাৰণতে অক্টোবৰ-নৱেম্বৰ মাহৰ মাজত অনুষ্ঠিত হয়।
দেৱালী | |
---|---|
দ্বীপান্বিতা উপলক্ষে ৰঙীন গুড়িৰে তৈয়াৰ কৰা ৰংগুলী আৰু চাকি | |
পালন কৰে | হিন্দু সকল, জৈন সকল, শিখ সকল, আৰু কিছু বৌদ্ধ সকল[1] |
প্ৰকাৰ | সাংস্কৃতিক, ধৰ্মীয় |
তাৰিখ | কাতি মাহৰ অমাবস্যা |
উদযাপন | পোহৰৰ উৎসৱ হিচাপে বন্তি প্ৰজ্বলন, আলোক সজ্জা আৰু বোমা-ফটকা ফুটুৱা, গৃহসজ্জা, ধৰ্মীয় অনুষ্ঠান |
সম্পৰ্কিত | গালুগান, বন্দী ছোড় দিৱস, তিহাৰ, স্বান্তী, চহৰাই, বান্দনা |
দেৱালীৰ আগে-আগে মানুহে তেওঁলোকৰ ঘৰ আৰু কৰ্মস্থানৰ চাফ-চিকুণ, পুনৰনিৰ্মাণ আৰু সৌন্দৰ্য্য বৰ্ধনত ব্যস্ত হয়।[7] দেৱালীৰ দিনা সকলোৱে সুন্দৰ সাজ পিন্ধি ঘৰৰ ভিতৰে বাহিৰে মিঠাতেলৰ মাটিৰ চাকি, মম, আলোকসজ্জাৰে আলোকিত কৰে। উত্তৰ ভাৰতত কেইদিনা ধন আৰু সম্পত্তিৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীৰ পূজা-অৰ্চনা কৰা হয়। ইয়াৰ লগতে বোমা-ফটকা ফুটাই আনন্দ কৰা দেৱালীৰ অন্যতম বৈশিষ্ট্য। দ্বীপান্বিতাৰ সময়ত ওচৰ-চুবুৰীয়া আৰু সম্পৰ্কীয় সকললৈ মিঠাই আৰু উপহাৰ আদান-প্ৰদানৰো নিয়ম আছে। দেৱালী সমগ্ৰ দক্ষিণ এছিয়াত উলহ-মালহৰে উদযাপন কৰাৰ লগতে গোটেই বিশ্বতে ভাৰতীয় মূলৰ মানুহৰ মাজত বিশেষভাৱে জনপ্ৰিয়।[8][9][10]
দক্ষিণ এছিয়াৰ পৰা উৎপত্তি হোৱা পৌৰাণিক সংস্কৃত গ্ৰন্থ সমূহত পাঁচ দিনীয়া দেৱালী উৎসৱৰ উল্লেখ পোৱা যায়। ভাৰতৰ ভিন-ভিন অঞ্চলত এই উৎসৱ ভিন ভিন নামেৰে জনা যায়। ইয়াৰ লগতে দেৱালীৰ লগত সম্পৰ্কীয় নীতি-নিয়ম সমূহো অলপ বেলেগ বেলেগ। দেৱালী দুৰ্গা পূজাৰ দশমী তিথিৰ ১৮ দিনৰ পিছত অনুষ্ঠিত হয়। দেৱালী ধনতেৰাচৰ দিনাৰ পৰা আৰম্ভ হয়।[11] ইয়াৰ দ্বিতীয় দিনা নৰক চতুৰ্দশী বোলা হয়। দক্ষিণ ভাৰতত এই দিনকে মূল দেৱালী বুলি পালন কৰা হয়। পশ্চিম, পূৱ আৰু উত্তৰ ভাৰতত তৃতীয় দিনা মূল দেৱালী অনুষ্ঠিত হয়। এই দিনা পশ্চিম আৰু উত্তৰ ভাৰতত লক্ষ্মী পূজা আৰু পূব ভাৰতৰত কালী পূজা অনুষ্ঠিত হয়। চতুৰ্থ দিনা গোবৰ্ধন পূজা অনুষ্ঠিত হয় আৰু পঞ্চম দিনা ভাতৃ দ্বিতীয়াৰে দেৱালী উৎসৱৰ সামৰণি পৰে।[12] ভাতৃ দ্বিতীয় ভাতৃ-ভগ্নীৰ মাজৰ সম্পৰ্কৰ প্ৰতি উৎসৰ্গিত ৰাখীবন্ধনৰ সমকক্ষ উৎসৱ। হিন্দু আৰু শিখ সম্প্ৰদায়ৰ কিছুমানে কেইদিনা নিজৰ কৰ্মস্থলীত সা-সঁজুলি, যন্ত্ৰ-পাতি আদিৰ উদ্দেশ্যে বিশ্বকৰ্মা পূজা পাতে।[13][14]