শিৱ
এজন হিন্দু দেৱতা / From Wikipedia, the free encyclopedia
"বিশ্বনাথ" নামৰ পৃষ্ঠাই ইয়ালৈ পুনৰ্নিদেশ কৰিছে। আন ব্যৱহাৰৰ বাবে, বিশ্বনাথ (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) চাওক।
শিৱ (সংস্কৃত: शिव ; আক্ষৰিক অৰ্থ "শুভ" বা "মঙ্গল") এজন হিন্দু দেৱতা। তিনি ত্ৰিমূৰ্তিৰ (হিন্দুসকলৰ মতে তিনিটা বিশেষ প্ৰাথমিক দৈৱসত্তা) অন্যতম। ত্ৰিমূৰ্তিৰ শিৱ হৈছে ধ্বংসৰ প্ৰতীক।[2] হিন্দুধৰ্মৰ শৈৱ শাখা সম্প্ৰদায়ৰ মতে, শিৱই হ’ল সৰ্বোচ্চ ঈশ্বৰ।[3] যিসকল হিন্দুধৰ্মাবলম্বীয়ে শিৱকেই প্ৰধান দেৱতা বুলি জ্ঞান কৰে তেখেতৰ পূজা কৰে, তেখেতসকল "শৈৱ" নামে পৰিচিত।[4] বিষ্ণু-পূজক বৈষ্ণৱ বা দেৱী-পূজক শাক্তসকলৰ অনুসৰি শৈৱধৰ্মও হিন্দুধৰ্মৰ অন্যতম প্ৰধান শাখাসম্প্ৰদায়।[3]
ক্ষিপ্ৰ তথ্য শিৱ, দেৱনাগৰী ...
শিৱ | |
---|---|
দিল্লী-গুৰগাঁও হাইৱেৰ কাষত শিৱৰ প্ৰতিমূৰ্তি | |
দেৱনাগৰী | शिव |
গোত্ৰ | দেৱতা |
অধিষ্ঠান | কৈলাস[1] |
মন্ত্ৰ | ঔঁ নমঃ শিৱায় |
অস্ত্ৰ | ত্ৰিশূল |
দাম্পত্যসঙ্গী | সতী, পাৰ্বতী |
বাহন | নন্দী |
বন্ধ কৰক
শিৱক সাধাৰণত বিমূৰ্ত শিৱলিঙ্গৰ ৰূপত পূজা কৰা হয়। অন্য মূৰ্তিসমূহৰ মাজত ধ্যানমগ্ন অৱস্থাত বা মায়াসুৰৰ পিঠিত উঠি তাণ্ডৱ নৃত্যৰত অৱস্থাৰ মূৰ্তি (নটৰাজ মূৰ্তি) অধিক প্ৰচলিত। শিৱ দুই প্ৰধান হিন্দু দেৱতা গণেশ আৰু কাৰ্তিকৰ পিতৃ।