কালী
From Wikipedia, the free encyclopedia
অধিক বিস্তৃত তথ্যৰ বাবে, কালি (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) চাওক।
কালী হৈছে হিন্দু ধৰ্মৰ এগৰাকী দেৱী আৰু তেখেতক শ্যামা বা কালীকা নামেৰেও জনা যায়। শাক্ত আৰু বৌদ্ধসকলৰ দহগৰাকী দেৱীৰ তালিকা সন্নিৱিষ্ট মহাবিদ্যাত কালীৰ উল্লেখ আছে।[1]
ক্ষিপ্ৰ তথ্য কালী, সম্পৰ্ক ...
কালী | |
---|---|
সময়, সৃষ্টি, ধ্বংস আৰু শক্তিৰ দেৱী | |
ৰাজা ৰবি বৰ্মাৰ চিত্ৰ সমাসাৰ কালী | |
সম্পৰ্ক | মহাকলী, পাৰ্বতী/দুৰ্গা, মহাবিদ্যা, শক্তি |
নিবাস | শ্মশান (কিন্তু ব্যাখ্যা অনুসাৰে পৰিবৰ্তিত হয়), মণিদ্বীপ |
অস্ত্ৰ | তৰোৱাল, ত্ৰিশূল |
সঙ্গী | ভদ্ৰা, মহাকাল (শিৱৰ ৰূপ) |
উৎসৱ | কালী পূজা, নৱৰাত্ৰি |
বন্ধ কৰক
অপশক্তিৰ ধ্বংসকাৰী হিচাপে কালীৰ প্ৰথম উল্লেখ আছে। তেওঁ হৈছে শক্তিৰ আটাইতকৈ শক্তিশালী উৎস। লগতে তান্ত্ৰিক শৈৱৰ এটা ভাগ কুলমাৰ্গৰ চাৰিটা বিভাগৰ এটা।[2] সময়ৰ লগে লগে কালীক পূজা-পাৰ্ৱণত বা আন তন্ত্ৰ শাখাসমূহত দৈৱিক মা, বিশ্বব্ৰহ্মাণ্ডৰ মা, আদি শক্তি বা আদি পৰাশক্তি আদি নামেৰে অভিহিত কৰা হয়।[3][4][5] মা কালীক শাক্ত আৰু তন্তশাখাত ব্ৰাহ্মণৰ সৰ্বশেষ ৰূপ হিচাপে আৰাধনা কৰা হয়।[6]|মা কালীক ঐশ্বৰিক ৰক্ষাকৰ্তা বা মোক্ষপ্ৰদানকাৰী বুলি বিবেচনা কৰা হয়[3] কালীক শান্ত সমাহিতভাৱে শুই থকা শিৱৰ ওপৰত থিয় হৈ থকা হিচাপে প্ৰদৰ্শন কৰা হয়। মা কালীক গোটেই ভাৰতত পূজা-অৰ্চনা কৰা হয়।[7]