সাংখ্য দৰ্শন
From Wikipedia, the free encyclopedia
সাংখ্য দৰ্শন হিন্দু দৰ্শনৰ ৬ আস্তিক ধাৰাৰ অন্যতম।[1][2][3] ই যোগ ধাৰাৰ নিকটৱৰ্তী আৰু আন আন হিন্দু দাৰ্শনিক ধাৰাতো প্ৰভাৱ বিস্তাৰ কৰিছে।[4] সাংখ্য দৰ্শনত জ্ঞানতত্ত্বগতভাৱে ৬ প্ৰমাণক মান্যতা প্ৰদান কৰা হয়। এই ৬ প্ৰমাণ অবিহনে কোনো বাক্যকে সত্য গণ্য কৰা নহয়। এই ৬ প্ৰমাণৰ অন্যতম প্ৰত্যক্ষ, অনুমান আৰু শব্দ।[5][6][7] এই দৰ্শন কেতিয়াবা যুক্তিবাদী দৰ্শনো আখ্যা দিয়া হয় যিহেতু যুক্তি-তৰ্ক এই দাৰ্শনিক ধাৰাত অতিকৈ গুৰুত্বপূৰ্ণ।[8][9]