বৰুণ
From Wikipedia, the free encyclopedia
বৰুণ (সংস্কৃত: वरुण ) হৈছে হিন্দু ধৰ্মৰ এগৰাকী বৈদিক দেৱতা আৰু তেওঁ আকাশ, জল, ন্যায় আৰু সত্যৰ সৈতে জড়িত।[3][4] প্ৰাচীনতম বৈদিক সাহিত্য যেনে ঋকবেদ আদিত বৰুণৰ উল্লেখ পোৱা যায়।[4] তামিল ভাষাৰ ব্যাকৰণৰ পুথি টোলকাপ্পিয়মত বৰুণক সমুদ্ৰ আৰু বৃষ্টিৰ অধিষ্ঠাতা দেৱতা কড়ালন বুলি আখ্যা দিয়া হৈছে।[5] তেওঁক সপ্তৰ্ষিৰ অন্যতম ঋষি কাশ্যপৰ পুত্ৰ বুলি বিশ্বাস কৰা হয়।[6]
ক্ষিপ্ৰ তথ্য বৰুণ, সম্পৰ্ক ...
বৰুণ | |
---|---|
আকাশ আৰু জলৰ দেৱতা | |
বাহন মকৰৰ পিঠিত বিৰাজমান বৰুণ | |
সম্পৰ্ক | আদিত্য দেৱতা |
নিবাস | জল লোক (সমুদ্ৰ) |
মন্ত্ৰ | ওঁম বৰুণায় নমঃ |
অস্ত্ৰ | পাশ, বৰুণাস্ত্ৰ, গাণ্ডীৱ |
সঙ্গী | বৰুণানী[lower-alpha 1][1] |
সন্তান | সুসেন, বন্দী, বশিষ্ঠ, বৰুণী[2] |
আসন/বাহন | মকৰ |
বন্ধ কৰক
হিন্দু পুৰাণসমূহৰ মতে বৰুণ সমুদ্ৰৰ দেৱতা। তেওঁৰ বাহন আৰু অস্ত্ৰ হৈছে ক্ৰমে মকৰ আৰু পাশ।[3][7] তেওঁ পশ্চিম দিশৰ ৰক্ষক দেৱতা।[4] কিছুসংখ্যক ৰচনাৰ মতে বৰুণৰ পিতৃ হৈছে বশিষ্ঠ মুনি।[3]
জাপানী বৌদ্ধ ধৰ্মৰ আখ্যানসমূহত বৰুণক ছুইটেন হিচাপে পোৱা যায়।[7] জৈন ধৰ্মতো বৰুণৰ উপস্থিতি দেখা পোৱা যায়।[8][9]