হিন্দু জ্যোতিষবিদ্যা
হিন্দুসকলৰ পৰম্পৰাগত জ্যোতিষবিদ্যা / From Wikipedia, the free encyclopedia
জ্যোতিষ বা জ্যোতিষ্য (সংস্কৃতত জ্যোতি শব্দৰ অৰ্থ পোহৰ বা দৈৱিক সত্তা) হৈছে হিন্দুসকলৰ মাজত প্ৰচলিত জ্যোতিষবিদ্যাৰ পৰম্পৰাগত ব্যৱস্থা। ইয়াক হিন্দু জ্যোতিষ, ভাৰতীয় জ্যোতিষ বা বৈদিক জ্যোতিষ নামেৰেও জনা যায়। বেদৰ অধ্যয়নৰ সৈতে সম্পৰ্কিত হিন্দু ধৰ্মৰ ছটা সহায়ক শাখাৰ ভিতৰত ই অন্যতম।
হিন্দু ধৰ্ম | |||||||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
শাস্ত্ৰ
| |||||||||||||||||||||||
ধৰ্মাচৰণ
| |||||||||||||||||||||||
গুৰু
| |||||||||||||||||||||||
অন্যান্য প্ৰসঙ্গ
| |||||||||||||||||||||||
বেদাংগ জ্যোতিষ হৈছে বেদৰ অন্তৰ্গত জ্যোতিৰ্বিজ্ঞানৰ প্ৰাচীনতম গ্ৰন্থসমূহৰ ভিতৰত অন্যতম।[1][2][3][4] কিছুসংখ্যক বিদ্বানৰ মতে ভাৰতীয় উপমহাদেশত চলি থকা ৰাশিফলৰ জ্যোতিষ বিদ্যা গ্ৰীক সভ্যতাৰ হেলেনিষ্টিক প্ৰভাৱৰ পৰাই উদ্ভৱ হৈছিল।[5][6] কিন্তু এয়া এক বিতৰ্কিত বিষয় আৰু কিছুসংখ্যক বিদ্বানৰ মতে ভাৰতীয় বা হিন্দু জ্যোতিষৰ বিকাশ স্বতন্ত্ৰভাৱে হৈছিল যদিও ই এসময়ত গ্ৰীক জ্যোতিষৰ সংস্পৰ্শলৈ আহিছিল।[7]
২০০১ চনত অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ে জ্যোতিষৰ সপক্ষে দিয়া ৰায়দানৰ পিছত বৰ্তমান সময়ত ভাৰতৰ কিছুসংখ্যক বিশ্ববিদ্যালয়ে হিন্দু জ্যোতিষত উচ্চ ডিগ্ৰী প্ৰদান কৰিছে। বৈজ্ঞানিক ঐকমত (ইংৰাজী: scientific consensus) অনুযায়ী জ্যোতিষ বা জ্যোতিষবিদ্যা এক ছদ্মবিজ্ঞান (ইংৰাজী: pseudoscience)।[8][9][10][11][12]