শৰণীয়া কছাৰী
২৭৫ লাখৰ অধিক অসমীয়া জাতি আছে অসমত । তাৰ মাজত ৫লাখ শৰণীয়া আছে অসমীয়া ভাষীৰ সংখ্যাৰ মাজত । / From Wikipedia, the free encyclopedia
শৰণীয়া কছাৰী অসমৰ এটা চীনা তিব্বতীয় জনগোষ্ঠী।[1] ১৮৮১ আৰু ১৮৯১ চনৰ লোকপিয়লত সুকীয়াকৈ জনজাতি শ্ৰেণীত বিভক্ত কৰা শৰণীয়াসকল নামনি অসমত শৰণীয়া কছাৰী বুলি পৰিচিত। অসমৰ বাক্সা, বৰপেটা, নলবাৰী, কামৰূপ, বঙাইগাঁও, ওদালগুৰি, দৰং, শোণিতপুৰ, লখিমপুৰ, ধেমাজি, কামৰূপ মহানগৰ, মৰিগাঁও, কোকৰাঝাৰ আদি জিলাত সিঁচৰতি হৈ থকা শৰণীয়া কছাৰীসকল বৃহত্তৰ মংগোলীয় জনগোষ্ঠীৰ বড়ো, ৰাভা, সোণোৱাল কছাৰী, ঠেঙাল কছাৰী, মেচ কছাৰী, মিচিং, মৰাণ, মটক, তিৱা-লালুং, হাজং, কাৰ্বি, ডিমাচা, হোজাই, বৰাহী, আহোম, চুতীয়া, কোচ, মদাহি আদি জনগোষ্ঠীয় গোটসমূহৰ দৰেই সাংস্কৃতিক পৰম্পৰাৰে সমৃদ্ধ এটা জনজাতীয় জনগোষ্ঠী। অসমৰ এই জনগোষ্ঠীটোৰ জনসংখ্যা প্ৰায় চাৰি লাখৰ ওচৰে পাজৰে। তেওঁলোক বিভিন্ন জিলাত সিঁচৰতি হৈ থকা বাবে সেই জিলাবোৰৰ লোকভাষা আৰু সংস্কৃতিৰ প্ৰভাৱো তেওঁলোকৰ ওপৰত পৰিছে। শৰণীয়া, ডেকা, কছাৰী, চৌধুৰী, দাস, বৰুৱা, কাকতি, শইকীয়া, বৰ্মন, মজুমদাৰ, হাজৰিকা, লহকৰ, মহন্ত আদি উপাধিৰে পৰিচিত শৰণীয়া কছাৰীসকলে হিন্দু ধৰ্মত শৰণ লৈ অসমীয়া ভাষাক মাতৃভাষাৰূপে গ্ৰহণ কৰিলেও বিহুকেন্দ্ৰিক আৰু ধৰ্মীয় উৎসৱমূলক গীত-মাতত জনজাতীয় প্ৰভাৱ আংশিক পৰিমাণে হ’লেও ৰৈ গৈছে।[2]
এই প্ৰবন্ধটোৰ সত্যাপনযোগ্যতা প্ৰমাণ কৰিবলৈ অধিক তথ্য-উৎসৰ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎসৰ উল্লেখ কৰি প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। কিয়নো তথ্যৰ উৎসৰ উল্লেখ নকৰা প্ৰবন্ধক লৈ প্ৰশ্ন উঠিব পাৰে। অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাতো এই সম্পৰ্কীয় কিবা তথ্যৰ বাবে চক ফুৰাব।
অধিক সহায়ৰ বাবে কাষৰ "[দেখুৱাওক]" লিংকটোত ক্লিক কৰক।
উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্ৰথম শাৰীত {{Reimprove}} বা {{Verify}} বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভুল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰূপন কৰিবলৈ একো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ। |