মিচিং জনগোষ্ঠী
অসমৰ দ্বিতীয় বৃহত্তম জনজাতি / From Wikipedia, the free encyclopedia
মিচিং জনগোষ্ঠী (ইংৰাজী: Mising People) হৈছে বড়ো-কছাৰী সকলৰ পিছতেই অসমৰ ভৈয়ামৰ জনজাতিসমূহৰ ভিতৰত দ্বিতীয় বৃহত্তম জনজাতি। মিচিংসকল মূলতে চীনা তিব্বতীয় জনগোষ্ঠী ৰ মান-তিব্বতীয় শাখাৰ অন্তৰ্গত।[2] ভৈয়ামত থকা মিচিংসকল সাধাৰণতে নৈৰ পাৰত চাংঘৰ সাজি গাওঁ পাতি বাস কৰে। মিচিংসকল আদিতে অসমৰ উত্তৰ-পূবফালৰ পাহাৰত আছিল আৰু বৰ্তমান অৰুণাচলৰ চিয়াং জিলাত থকা "মিয়ং" আৰু "দাম্ ৰ" নামৰ দুই জাতিৰ পৰাই ফাটি আহিছে। অসমৰ ধেমাজি, তিনিচুকীয়া, লখিমপুৰ, ডিব্ৰুগড়, শিৱসাগৰ, গোলাঘাট, যোৰহাট, মাজুলী, দৰং, শোণিতপুৰ জিলাত মিচিংসকলে প্ৰধানকৈ বাস কৰিছে। সাধাৰণতে নৈৰ পাৰত চাংঘৰত বাস কৰা বাবে মিচিংসকলৰ জীৱন-ধাৰণৰ পদ্ধতি নৈৰ ওপৰত ওত:প্ৰোতভাৱে জড়িত।
ক্ষিপ্ৰ তথ্য উল্লেখযোগ্য জন-অধ্যুষিত অঞ্চলসমূহ, ভাষাসমূহ ...
গহপুৰ মহকুমাৰ অন্তৰ্গত এখন মিচিং গাঁৱৰ এটি চাংঘৰ |
উল্লেখযোগ্য জন-অধ্যুষিত অঞ্চলসমূহ |
---|
অসম, অৰুণাচল প্ৰদেশ, ভাৰত |
ভাষাসমূহ |
ধৰ্ম |
বন্ধ কৰক