অসমীয়া ভাষা
প্ৰাচ্য ভাৰতীয়-আৰ্য ভাষা / From Wikipedia, the free encyclopedia
অসমীয়া ভাষা (ইংৰাজী: Assamese language) হৈছে সকলোতকৈ পূৰ্বীয় ভাৰতীয়-আৰ্য ভাষা। ইয়াক ঘাইকৈ উত্তৰ-পূব ভাৰতৰ অসমত ব্যৱহাৰ কৰা হয়। ই অসমৰ ৰাজ্যিক ভাষা। অৰুণাচল প্ৰদেশ, পশ্চিম বংগৰ কোনো কোনো ঠাইত আৰু উত্তৰ-পূৰ্বাঞ্চলৰ আন আন ৰাজ্যতো অসমীয়াভাষী লোক আছে। অসমীয়া-ভিত্তিক নাগামিজ নামৰ এটা সংযোগী ভাষা নাগালেণ্ডত ব্যাপকভাৱে ব্যৱহাৰ হয়। ভূটানতো কিছুসংখ্যক অসমীয়াভাষী লোক আছে। অসমত বৰ্তমান অসমীয়া ভাষা কোৱা মানুহৰ সংখ্যা ১.৩০ কোটিৰো বেছি[3] আৰু বিশ্বজুৰি এই সংখ্যা প্ৰায় ২ কোটি।[4]
এই প্ৰবন্ধটো অসমত প্ৰচলিত মূল ভাষাটোৰ বিষয়ে। আন ব্যৱহাৰৰ বাবে অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) চাওক।
ক্ষিপ্ৰ তথ্য অসমীয়া, উচ্চাৰণ ...
অসমীয়া | |
---|---|
উচ্চাৰণ | ɔxɔmija |
থলুৱা অঞ্চল | ভাৰত, ভূটান ইত্যাদি। |
অঞ্চল | অসম, অৰুণাচল প্ৰদেশ, নগালেণ্ড, উত্তৰ-পূব ভাৰতৰ আন কোনো কোনো ঠাই, দিল্লী, বাংগালুৰু, উত্তৰ প্ৰদেশ, পুণে-মহাৰাষ্ট্ৰ, কলিকতা আদিৰ ঠাইবিশেষে[1] |
জাতীয়তা | অসমীয়া জাতি |
স্থানীয় ভাষিক |
১৩ নিযুত (মুঠ ২০ নিযুত) |
ভাষা পৰিয়াল |
ইণ্ডো-ইউৰোপীয়
|
উপভাষা | *উজনি অসমৰ উপভাষা
|
লিখন প্ৰণালী | অসমীয়া লিপি, আহোম লিপি (দুৰ্লভ) |
আধিকাৰিক স্থিতি | |
আধিকাৰিক ভাষা |
ভাৰত (অসম) |
নিয়মাধীন হয় |
অসম সাহিত্য সভা |
ভাষা সংকেত | |
ISO 639-1 | as |
ISO 639-2 | asm |
ISO 639-3 | asm |
গ্লোটোলগ | assa1263 [2] |
লিংগোৱাস্ফেয়াৰ | 59-AAF-w |
বন্ধ কৰক
অসমীয়া ভাষাৰ গঢ় আৰু ধ্বনি বৈশিষ্ট্যসমূহ সংস্কৃতৰ পৰা উদ্ভৱ হৈছে। অসমীয়া লিপিৰে এই ভাষা লিখা হয়। লিখাৰ ধৰণ বাঁওফালৰ পৰা সোঁফাললৈ আৰু ওপৰৰ পৰা তললৈ।