নাগালেণ্ড
উত্তৰ-পূব ভাৰতৰ ৰাজ্য / From Wikipedia, the free encyclopedia
নাগালেণ্ড (ইংৰাজী: Nagaland) /ˈnɑːɡəlænd/ উত্তৰ-পূব ভাৰতৰ এখন ৰাজ্য। নাগালেণ্ডৰ পশ্চিমে অসম, উত্তৰলৈ অৰুণাচল প্ৰদেশ আৰু অসমৰ কিছু অংশ, পূৱে ম্যানমাৰ আৰু দক্ষিণলৈ মণিপুৰ। ৰাজ্যৰ ৰাজধানী ক’হিমা, আৰু বৃহত্তম নগৰ ডিমাপুৰ, নাগালেণ্ডৰ মাটিকালি প্ৰায় ১৬,৫৭৯ km2 আৰু ২০১১ চনৰ লোকপিয়ল মতে জনসংখ্যা ১,৯৮০,৬০২ (ঊনৈশ লাখ আশী হাজাৰ ছশ দুজন), এইখন ভাৰতৰ সৰু ৰাজ্যসমূহৰ মাজত এখন। অসমৰ দাঁতিকাষৰীয়া অঞ্চল সমূহক বাদ দি ৰাজ্য খনৰ আনবোৰ অঞ্চল ঘাইকৈ পৰ্বতীয়া, ৩,৮৪০ মিটাৰ ঊচ্চতাৰ সাৰামতি নাগালেণ্ডৰ সৰ্বোচ্চ পাহাৰ (শৃংগ), ই ব্ৰহ্মদেশ (ম্যানমাৰ) আৰু ভাৰতৰ মাজত এক প্ৰাকৃতিক প্ৰাচীৰৰ দৰে থিয় হৈ আছে। ই ৯৮ডিগ্ৰীৰ পৰা ৯৬ডিগ্ৰী পূৱ দ্ৰাঘিমাংশ আৰু বিষুৱৰ উত্তৰে ২৬.৬ৰ পৰা ২৭.৪ ডিগ্ৰী অক্ষাংশলৈ বিস্তৃত।
নাগালেণ্ড | |
---|---|
— ৰাজ্য — | |
ভাৰতত নাগালেণ্ডৰ অৱস্থিতি | |
নাগালেণ্ডৰ মেপ | |
ভৌগোলিক স্থানাংক (ক’হিমা): 25.67°N 94.12°E / 25.67; 94.12 | |
দেশ | ভাৰত |
গঠন | ১ ডিচেম্বৰ, ১৯৬৩ |
ৰাজধানী | ক’হিমা |
মুঠ জিলা | ১১ |
চৰকাৰ | |
- ৰাজ্যপাল | নিখিল কুমাৰ |
- মুখ্য মন্ত্ৰী | নেফিউ ৰিঅ’ (নাগালেণ্ড পিপ’লচ ফ্ৰণ্ট) |
- বিধানসভা | এককক্ষীয় (৬০খন আসন) |
- লোকসভা সমষ্টি | ১ |
- উচ্চ ন্যায়ালয় | গুৱাহাটী উচ্চ ন্যায়ালয় - ক’হিমা আসন |
মাটিকালি | |
- মুঠ | ১৬,৫৭৯ কি.মি.২ (৬,৪০১.২ বৰ্গ মাইল) |
অঞ্চলৰ স্থানাংক | ২৫শ |
জনসংখ্যা (২০১১) | |
- মুঠ | ১৯,৮০,৬০২ জন |
- স্থান | ২৪শতম |
- জনঘনত্ব | ১১৯ প্ৰতি বৰ্গ কি.মি. (৩০৮.২ প্ৰতি বৰ্গ মাইল) |
সময় অঞ্চল | ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০) |
আই এচ অ’ ৩১৬৬ কোড | IN-NL |
মানব বিকাশ সূচাংক (HDI) | 0.770 (high) |
মানব বিকাশ সূচাংকস্থান | ৪ৰ্থ (২০০৫) |
সাক্ষৰতা | ৮০.১১% (১৩শ) |
চৰকাৰী ভাষা | ইংৰাজী |
ৱেবছাইট | nagaland.nic.in |
১ ডিচেম্বৰ ১৯৬৩ স্থাপন হোৱা নাগালেণ্ড ভাৰতৰ ১৬শ ৰাজ্য, ৰাজ্যখন মুঠ ১১খন ৰাজ্যত বিভক্ত, সেইবোৰ হ’ল: ক’হিমা জিলা, ফেক জিলা, মুককচাং জিলা, ৱ’খা জিলা, জুনহেবুট’ জিলা, টুৱেনচাং জিলা, মন জিলা, ডিমাপুৰ জিলা, কিপহিৰে জিলা, লংগ্লেং জিলা আৰু পেৰেণ জিলা. পাৰ্বত্য ৰাজ্যখনৰ কৃষিয়েই অৰ্থব্যৱস্থাৰ মূল। চাউল, গোমধান, ধপাতজাতীয় সামগ্ৰী, তৈলবীজ, কুহিঁয়াৰ, কপাহ, আলু, আহঁজাতীয় শস্য, মতৰ আদি ৰাজ্যখনৰ প্ৰধান শস্য। বনজ সম্পদ, পৰ্যটন, গৃহনিৰ্মাণ ঊদ্যোগ আদিয়েও ৰাজ্যৰ অৰ্থব্যৱস্থা বৰঙণি যোগাই।