ম্যানমাৰ
দক্ষিণ-পূৱ এছিয়াৰ ৰাষ্ট্ৰ / From Wikipedia, the free encyclopedia
ম্যানমাৰ (ইংৰাজী: Myanmar) বা মানদেশ হৈছে দক্ষিণ-পূৱ এছিয়াৰ এখন স্বাধীন ৰাষ্ট্ৰ। ম্যানমাৰ দেশৰ অন্য এক নাম হৈছে ব্ৰহ্ম দেশ (ইংৰাজী: Burma)। Republic of the Union of Myanmar হৈছে এই দেশৰ চৰকাৰী নাম।[2] কোনো কোনো ৰাষ্ট্ৰই এই দেশক Union of Burma বুলিও কয়। চীন, থাইলেণ্ড, ভাৰত, লাওচ আৰু বাংলাদেশ ম্যানমাৰৰ সীমান্তৱৰ্তী ৰাষ্ট্ৰ। ম্যানমাৰৰ সৰ্বমুঠ চাৰিসীমাৰ ১,৯৩০ কিল'মিটাৰ (১,২০০ মাইল) অংশ হৈছে বংগোপসাগৰ আৰু আন্দামান সাগৰৰ তীৰ অঞ্চল। প্ৰায় ৬০ মিলিয়ন জনসংখ্যাৰে ম্যানমাৰ জনসংখ্যাৰ ফালৰপৰা পৃথিৱীৰ ভিতৰত চতুৰ্দ্বিংশ স্থানত আছে।[3] ম্যানমাৰৰ মুঠ মাটিকালি হৈছে ৬.৭৬,৫৭৮ বৰ্গকিল'মিটাৰ আৰু মাটিকালিৰ ভিত্তিত ম্যানমাৰ হৈছে পৃথিৱীত চল্লিশতম বৃহৎ ৰাষ্ট্ৰ । দক্ষিণ-পূৱ এছিয়াৰ ভিতৰত মাটিকালিৰ ভিত্তিত ম্যানমাৰ দ্বিতীয় বৃহৎ ৰাষ্ট্ৰ।
ম্যানমাৰ সংঘৰ গণৰাজ্য ပြည်ထောင်စု သမ္မတ မြန်မာနိုင်ငံတော်
|
||||||
---|---|---|---|---|---|---|
ৰাষ্ট্ৰীয় সঙ্গীত কাবা মা ক্যেই ধৰণীৰ শেষলৈকে |
||||||
ৰাজধানী | নাইপিদাওa 19°45′N 96°6′E | |||||
বৃহত্তম নগৰ | য়াঙ্গুন (ৰেংগুন) | |||||
ৰাষ্ট্ৰভাষা (সমূহ) | মান | |||||
স্বীকৃত আঞ্চলিক ভাষাসমূহ |
|
|||||
Official scripts | মান লিপি | |||||
জনগোষ্ঠীসমূহ |
|
|||||
জাতীয়তাসূচক বিশেষণ | Burmese / Myanma | |||||
চৰকাৰ | সংবিধানিক ৰাষ্ট্ৰপতি সাংবিধানিক গণতন্ত্ৰ | |||||
- | ৰাষ্ট্ৰপতি | ৱিন মিণ্ট | ||||
- | State Counsellor | আং চান চ্যু কি | ||||
গঠন | ||||||
- | পাগান ৰাজবংশ | ২৩ ডিচেম্বৰ ৮৪৯ | ||||
- | টঙো ৰাজবংশ | ১৫১০ চনৰ ১৬ অক্টোবৰ | ||||
- | কনবাং ৰাজবংশ | ১৭৫২ চনৰ ২৯ ফেব্ৰুৱাৰী | ||||
- | স্বাধীনতা (যুক্তৰাষ্ট্ৰৰ পৰা) |
১৯৪৮ চনৰ ৪ জানুৱাৰী | ||||
- | Coup d'état | ২ মাৰ্চ, ১৯৬২ | ||||
- | নতুন সংবিধান | ৩০ মাৰ্চ ২০১১ | ||||
মাটিকালি | ||||||
- | মুঠ | ৬,৭৬,৫৭৮ বৰ্গ কিমি (৪০তম) ২,৬১,২২৭ বৰ্গ মাইল |
||||
- | জলভাগ (%) | ৩.০৬ (২০,৭০৩ বৰ্গ কিমি) | ||||
জনসংখ্যা | ||||||
- | ২০১০ আনুমানিক | ৬,০২,৮০,০০০'"`UNIQ--ref-০০০০০০০০-QINU`"' (২৪তম'"`UNIQ--ref-০০০০০০০১-QINU`"') | ||||
- | ১৯৮৩ লোকপিয়ল | ৩,৩২,৩৪,০০০ | ||||
জিডিপি (পিপিপি) | ২০১২ আনুমানিক | |||||
- | মুঠ | $৮৯.৪৬১ বিলিয়ন ডলাৰ[1] | ||||
- | জনমুৰি | $১,৪০৫[1] | ||||
জিডিপি (নামমাত্ৰ) | ২০১২ আনুমানিক | |||||
- | মুঠ | $৫৩.২৪০ বিলিয়ন[1] | ||||
- | জনমুৰি | $৮৫৪[1] | ||||
মানৱ উন্নয়ন সূচক (২০১২) | ০.৪৯৮ (১৪৯তম) | |||||
মুদ্ৰা | ক্যাত (K) (MMK ) |
|||||
সময় অঞ্চল | ম্যানমাৰ মান সময় (ইউটিচি+০৬:৩০) | |||||
গাড়ী চলোৱা হয় | সো দিশতb | |||||
ISO 3166 code | MM | |||||
ইণ্টাৰনেট টিএলডি | .mm | |||||
কলিং ক'ড | ++৯৫ |
১৯৬২ চনৰপৰা ২০১১ চনলৈকে ম্যানমাৰ সৈনিক শাসনৰ অধীনত আছিল। ৰাষ্ট্ৰসংঘ আৰু অন্য বহুতো সংস্থাই এই সময়চোৱাত ম্যানমাৰত বিভিন্ন ধৰণে মানৱাধিকাৰৰ উলংঘন হোৱা বুলি অভিযোগ কৰিছে।[4][5][6] শিশুক সৈন্য হিচাপে ব্যৱহাৰ, ধৰ্ষণ, শিশু শ্ৰমিকৰ ব্যৱহাৰ, মানৱ দেহৰ ব্যৱসায়, দাসত্ব, বাক-স্বাধীনতাৰ উলংঘন ইত্যাদি হৈছে এই সময়চোৱাত ম্যানমাৰৰ ওপৰত একে সংস্থাবিলাকে অনা কিছু অভিযোগ। ২০১০ চনত ম্যানমাৰৰ বিখ্যাত মানৱাধিকাৰ কৰ্মী আং চান চ্যু কিৰ মুক্তিৰ পিছৰেপৰাই এই ৰাষ্ট্ৰই বিশ্বৰ বাকী ৰাষ্ট্ৰসমূহৰ লগত সম্পৰ্কৰ উন্নতি ঘটাবলৈ সক্ষম হৈছে। ইউৰোপীয়ান ইউনিয়ন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই ম্যানমাৰৰ ওপৰত প্ৰয়োগ কৰা বিভিন্ন অৰ্থনৈতিক বাধা-নিষেধো এতিয়া উঠাই লৈছে।[7][8]মুক্তা, তেল আৰু প্ৰাকৃতিক গেছ তথা অন্যান্য খনিজ সামগ্ৰী হৈছে ম্যানমাৰৰ প্ৰাকৃতিক সম্পদ। ২০১১ চনৰ তথ্যমতে ম্যানমাৰৰ ৰষ্ট্ৰীয় উৎপাদন আছিল ৮২.৭ বিলিয়ন আমেৰিকান ডলাৰ আৰু ৰাষ্ট্ৰীয় উন্নয়নৰ হাৰ আছিল ৫.৫%।[9]
২০১৩ চনত বিভিন্ন সংস্থাৰ প্ৰতিবেদন মতে ম্যানমাৰ কৰ্তৃপক্ষই পশ্চিম ম্যানমাৰৰ পৰা তাৰ সংখ্যালঘু ৰহিঙ্গিয়া সকলক উচ্ছেদ কৰা আৰম্ভ কৰিছে। ইয়াৰ পৰিণামস্বৰূপে বহুতো ৰহিঙ্গিয়া শৰনাৰ্থীয়ে ম্যানমাৰ পৰিত্যাগ কৰি চুবুৰীয়া বাংলাদেশ আৰু থাইলেণ্ডলৈ পলায়ন কৰিছে।[10][11]