অসমীয়া লিপিৰ বুৰঞ্জী
অসমীয়া লিপিৰ ক্ৰমবিকাশ / From Wikipedia, the free encyclopedia
অসমীয়া ভাষা অসমীয়া লিপিত লিখা হয়। লিপিবিদসকলে অসমীয়া লিপিৰ ক্ৰমবিকাশৰ ধাৰা সম্পৰ্কে দুইধৰণৰ মত পোষণ কৰে। সেই দুটা হ’ল-[1]
- প্ৰথম মত অনুসৰি: ব্ৰাহ্মী লিপি → গুপ্ত লিপি → কুটিল বা সূক্ষ্মকোণী বা সিদ্ধমাতৃকা লিপি → পুৰণি অসমীয়া লিপি হৈ বৰ্তমানৰ অসমীয়া লিপি (সৰ্বেশ্বৰ কটকী, ড॰ মহেশ্বৰ নেওগ, ড॰ সুনীতি কুমাৰ চেটাৰ্জী, টি পি বাৰ্মা)
- দ্বিতীয় মত অনুসৰি: ব্ৰাহ্মী লিপি → প্ৰাচীন কামৰূপীয় লিপি (নগাজৰী-খনিকৰ গাঁৱৰ শিলালিপিৰ ভিত্তিত) → পুৰণি অসমীয়া লিপি হৈ (এই মতপোষণ কৰিছে ডিম্বেশ্বৰ নেওগ, ড॰ উপেন্দ্ৰনাথ গোস্বামী, নাৰায়ণ দাস ইত্যাদিয়ে)
এই প্ৰবন্ধটোত তথ্যসূত্ৰৰ এখন তালিকা দিয়া আছে, কিন্তু ইয়াৰ উত্স পৰিষ্কাৰ নহয় কাৰণ শাৰীবোৰৰ মাজত উদ্ধৃতি যথেষ্ট পৰিমাণে দিয়া হোৱা নাই। অনুগ্ৰহ কৰি উপযুক্ত উদ্ধৃতি অন্তৰ্ভুক্ত কৰি এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। |
এই প্ৰবন্ধই অসম আৰু অসমীয়া ভাষা আৰু লিপি সম্পৰ্কে যথেষ্ট গুৰুত্বপূৰ্ণ কিছুমান বিষয়ে তথ্য উথাপন কৰিছে। ইয়াৰে অনেক তথ্য লৈ এতিয়াও বিবাদ চলি আছে। সেয়েহে এই প্ৰবন্ধটোত উপযুক্ত তথ্য-প্ৰমাণৰ ভিত্তিত সংশ্লিষ্ট সকলো দৃষ্টিভংগী আলোচনা কৰা উচিত। |
ওপৰোক্ত দুই মতকে একত্ৰিত কৰি ড॰ মহেন্দ্ৰ বৰাই কৈছে-
"Assamese script is a direct descendant of the Brahmi, branching itself off from the so called Gupta alphabet or the Northern Indian Script, which progressed on its way by acquiring for itself certain basic traits of the Kutila Style of writing in course of its journey through the long corridors of history"