মহেশ্বৰ নেওগ
অসমৰ এগৰাকী বুৰঞ্জীবিদ আৰু শংকৰী সংস্কৃতিৰ পণ্ডিত / From Wikipedia, the free encyclopedia
মহেশ্বৰ নেওগ(ইংৰাজী: Maheswar Neog, জন্ম:৭ ছেপ্টেম্বৰ ১৯১৫- মৃত্যু:১৩ ছেপ্তেম্বৰ ১৯৯৫) অসমীয়া ভাষা, সাহিত্য, সংস্কৃতিৰ সৰ্বাধিনায়ক।[1][2]তেওঁক বেজবৰুৱা আৰু বাণীকান্ত কাকতিৰ বৌদ্ধিক উত্তৰাধিকাৰী বুলি কোৱা হয়।[1] নেওগ অসমীয়া সাহিত্যৰ এনে এগৰাকী সাধক যিগৰাকী একাধাৰে বুৰঞ্জীবিদ, লোকসংস্কৃতিৰ গৱেষক, কবি, প্ৰাচ্যতত্ত্ববিদ তথা শ্ৰেষ্ঠতম সম্পাদকসকলৰ এজন।[3][4][5][6]পুৰণি শিলালিপিৰ পৰা আধুনিক কবিতালৈকে, শাস্ত্ৰীয় নৃত্য-গীতৰ পৰা লোকশিল্পলৈকে, প্ৰাচ্যতত্ত্বৰ পৰা নন্দন তত্ত্বলৈকে, ইতিহাসৰ পৰা দৰ্শন আৰু ধৰ্মলৈকে -বহল পৰিসৰত তেওঁ বিচৰণ কৰিছিল আৰু তথ্যৰ আসোঁৱাহ নথকাকৈ এই বিষয়সমূহ তেওঁৰ গৱেষণাৰ অন্তৰ্ভুক্ত কৰিছিল।[1] তেওঁ সম্পাদনা কৰি থৈ যোৱা গ্ৰন্থসমূহ অসমীয়া সাহিত্যৰ বুৰঞ্জীত এক মহৎ সংযোজন বুলিব পাৰি। তেওঁক অসমত শংকৰদেৱ চৰ্চাৰ এক বৃহৎ প্ৰেক্ষাপট নিৰ্মাতা বুলি কোৱা হয়।[2]নেওগৰ ‘Sankardeva and His Times’, ‘শ্ৰীশ্ৰীশংকৰদেৱ’ আদি গ্ৰন্থই শংকৰদেৱক বিজ্ঞানসন্মত ভাৱে প্ৰতিষ্ঠা কৰিছিল।[7] বেজবৰুৱাৰ বিশাল ব্যক্তিত্বক নব্য চিন্তাধাৰাৰে সৈতে অসমীয়া সমাজত চিনাকী কৰি দিয়াত তেওঁ মুখ্য ভূমিকা লৈছিল। ১৯৩৮ চনত, জয়ন্তী কাকতত নেওগৰ ‘বেজবৰুৱা, মানুহজন’ নামৰ জীৱনী তিনিটা খণ্ডত প্ৰকাশ পাইছিল।[8] শংকৰদেৱ বিৰচিত ‘কীৰ্ত্তনঘোষা’ আৰু মাধৱদেৱ বিৰচিত ‘নামঘোষা’ৰ সম্পাদনা নেওগৰ অন্যতম সম্পাদনা কীৰ্তি।[9]
মহেশ্বৰ নেওগ | |
---|---|
জন্ম | ৭ ছেপ্টেম্বৰ, ১৯১৫ শিৱসাগৰ, অসম, ভাৰত |
মৃত্যু | ১৩ ছেপ্টেম্বৰ ১৯৯৫ |
পেচা | কবি, গৱেষক, ভাষাবিদ, সম্পাদক তথা অধ্যাপক |
ভাষা | অসমীয়া |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰতীয় |
শিক্ষা | অসমীয়া সাহিত্যৰ স্নাতকোত্তৰ |
মাতৃশিক্ষায়তন | কটন কলেজ কলিকতা বিশ্ববিদ্যালয় |
উল্লেখনীয় কৰ্মৰাজি | জীৱনৰ দীঘ আৰু বাণি(আত্মজীৱনী) |
উল্লেখযোগ্য বঁটা | পদ্মশ্ৰী (১৯৭২) অসম সাহিত্য সভাৰ সভাপতি (১৯৭৪) |
আত্মীয়-স্বজন | ডিম্বেশ্বৰ নেওগ(ভাতৃ) |
মহেশ্বৰ নেওগ ১৯৪৪ চনত অসমত বিশ্ববিদ্যালয় স্থাপনৰ দাবীত গঠিত হোৱা ট্ৰাষ্ট ব’ৰ্ডৰ সচিব আছিল।[10] গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ ইতিহাসৰ লগত তেওঁ জড়িত আছিল।[1]১৯৪৮ চনত গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হোৱাত, নেওগ এই বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰথমজন প্ৰবক্তা ৰূপে মকৰল হয়।[1][10] ১৯৪৮ ৰ পৰা ১৯৭৮লৈ ত্ৰিশ বছৰ তেওঁ এই পদবীত কাৰ্যনিৰ্বাহ কৰিছিল।[1] ১৯৫০ চনৰ ছেপ্টেম্বৰৰ পৰা ১৯৫১ চনৰ অক্টোবৰ মাহলৈ তেওঁ ৰামধেনুৰ সম্পাদক আছিল। [10] ১৯৫৫ চনত তেওঁ তেওঁৰ গৱেষণা -গ্ৰন্থ ‘Sankardeva and His Times’ৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল।[1]
১৯৩৪ চনৰ পৰা ১৯৯৪ চনলৈ তেওঁ প্ৰায় আঢ়ৈশ কবিতা ৰচনা কৰিছিল।[11]
নেওগে অসম সাহিত্য সভাৰ সম্পাদক হৈ থকা সময়ছোৱাতে যোৰহাটৰ ‘ৰাধাকান্ত সন্দিকৈ ভৱন’ আৰু ১৯৬৫ চনত গুৱাহাটীৰ ‘ভগৱতীপ্ৰসাদ বৰুৱা ভৱন’ৰ নিৰ্মাণৰ কাম কৰে।[12][1] ১৯৭৪ চনত, তেওঁ মঙ্গলদৈত অনুষ্ঠিত অসম সাহিত্য সভাৰ একোত্তৰচত্বাবিংশ অধিৱেশনৰ সভাপতিৰ আসন অলংকৃত কৰিছিল।[12]
ভাৰত চৰকাৰে মহেশ্বৰ নেওগক পদ্মশ্ৰী বঁটাৰে বিভূষিত কৰিছিল। অসম সাহিত্য সভাই সভাপতিৰ সন্মান যচাৰ উপৰিও তেওঁক ‘সদস্য মহীয়ান’ সন্মান যাচিছিল। অসম চৰকাৰে প্ৰদান কৰিছিল ‘শ্ৰীমন্ত শংকৰদেৱ বঁটা’। ইয়াৰ উপৰিও নেওগক গুৱাহাটী বিশ্ববিদ্যালয়ে ‘প্ৰফেছৰ এমেৰিটাছ’, ভাৰতীয় প্ৰত্নতত্ত্ব সমিতি আৰু ভাৰতীয় ইতিহাস আৰু সংস্কৃতি সমিতিয়ে তাম্ৰপত্ৰ আৰু সংগীত-নাটক অকাডেমিয়ে অকাডেমিৰ ফেল’শ্বিপ প্ৰদান কৰিছিল।[1][13]