সুনীতি কুমাৰ চট্টোপাধ্যায়
ভাৰতীয় ভাষাবিদ, সাহিত্যিক আৰু শিক্ষাবিদ / From Wikipedia, the free encyclopedia
সুনীতি কুমাৰ চট্টোপাধ্যায় বা সুনীতি কুমাৰ চেটাৰ্জী (ইংৰাজী: Suniti Kumar Chatterji,২৬ নৱেম্বৰ ১৮৯০ - ২৯ মে' ১৯৭৭) এগৰাকী ভাৰতীয় ভাষাবিদ, শিক্ষাবিদ আৰু সাহিত্যিক আছিল। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে তেওঁক ভাষাচাৰ্য উপাধি প্ৰদান কৰিছিল। তেওঁ ১৯৭২ চনত গঠন হোৱা মেঘালয় ৰাজ্যৰ নাম নিৰ্ধাৰণ কৰিছে। তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে তেওঁক শিক্ষা আৰু সাহিত্য শিতানত ১৯৫৫ চনত দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ আৰু ১৯৬৩ চনত দেশৰ দ্বিতীয় সৰ্বোচ্চ সন্মান পদ্মবিভূষণ প্ৰদান কৰে।[1]
ক্ষিপ্ৰ তথ্য সুনীতি কুমাৰ চট্টোপাধ্যায়, জন্ম ...
সুনীতি কুমাৰ চট্টোপাধ্যায় | |
---|---|
জন্ম | ২৬ নৱেম্বৰ, ১৮৯০ শিৱপুৰ, হাওৰা জিলা, বংগ, ব্ৰিটিছ ভাৰত |
মৃত্যু | ২৯ মে', ১৯৭৭ (৮৬ বছৰ) কলকাতা, পশ্চিম বংগ, ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | ভাষাবিদ, সাহিত্যিক আৰু শিক্ষাবিদ |
বঁটা, সন্মান, পুৰস্কাৰ আদি | পদ্মভূষণ (১৯৫৫) পদ্মবিভূষণ (১৯৬৩) |
স্বাক্ষৰ | |
বন্ধ কৰক