২০২৩ জি-২০ নতুন দিল্লী সন্মিলন
২০২৩ চনত ভাৰতত অনুষ্ঠিত জি-২০ গোটৰ অষ্টাদশ সন্মিলন / From Wikipedia, the free encyclopedia
২০২৩ জি-২০ নতুন দিল্লী সন্মিলন (ইংৰাজী: 2023 G20 New Delhi summit) বিশ্বৰ ১৯খন প্ৰভাৱশালী অৰ্থনীতিসমৃদ্ধ দেশ আৰু ইউৰোপীয় সংঘৰ গোট জি-২০ (গ্ৰুপ অৱ টুৱেণ্টি)ৰ অষ্টাদশ সন্মিলন। ২০২৩ চনৰ ৯ আৰু ১০ ছেপ্টেম্বৰত নতুন দিল্লীৰ প্ৰগতি ময়দানত অৱস্থিত ভাৰত মণ্ডপম আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনী-অধিৱেশন কেন্দ্ৰত এই শীৰ্ষ সন্মিলন অনুষ্ঠিত হয়।[7] ভাৰতত অনুষ্ঠিত হোৱা এই জি-২০ শীৰ্ষ সন্মিলনখন ভাৰতৰ লগতে সমগ্ৰ দক্ষিণ এছিয়াৰ ভিতৰতে প্ৰথম সন্মিলন। শীৰ্ষ সন্মিলনৰ লগতে ইয়াৰ লগত জড়িত আনুষংগিক সন্মিলনসমূহ গোটেই বছৰ জুৰি ভাৰতৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত কৰা হৈছে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সন্মিলনৰ অধ্যক্ষতা কৰে।
ক্ষিপ্ৰ তথ্য ২০২৩ জি-২০ নতুন দিল্লী সন্মিলন, আয়োজক দেশ ...
২০২৩ জি-২০ নতুন দিল্লী সন্মিলন | |
---|---|
ভাৰত মণ্ডপম, আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনী-অধিৱেশন কেন্দ্ৰ, প্ৰগতি ময়দান (মূল সন্মিলন স্থলী) | |
আয়োজক দেশ | ভাৰত |
তাৰিখ | ৯-১০ ছেপ্টেম্বৰ ২০২৩ |
নীতিবাক্য | সংস্কৃত: वसुधैव कुटुम्बकम्
অসমীয়া: বসুধৈৱ কুটুম্বকম্ (One Earth, One Family, One Future, অসমীয়া অনুবাদ: এখন পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যৎ)[1] |
স্থান | ভাৰত মণ্ডপম প্ৰগতি ময়দান, নতুন দিল্লী |
চহৰ | ৰাজধানী নতুন দিল্লীকে (আয়োজক: ২০২৩ চনৰ ৯–১০ ছেপ্টেম্বৰত ৰাষ্ট্ৰ আৰু চৰকাৰৰ মুৰব্বীৰ বৈঠক অনুষ্ঠিত হ'ব) আদি কৰি ভাৰতৰ অন্যান্য সৰু-বৰ গুৰুত্বপূৰ্ণ চহৰত জি২০ৰ সন্মিলনৰ বিভিন্ন মিটিং অনুষ্ঠিত হৈছে) |
অংশগ্ৰহণকাৰী | জি২০ গোটৰ সদস্য, ভাৰত চৰকাৰৰ দ্বাৰা নিমন্ত্ৰিত অতিথি ৰাষ্ট্ৰ আৰু চৰকাৰৰ মুৰব্বী |
অধ্যক্ষ | নৰেন্দ্ৰ মোদী, ভাৰতৰ প্ৰধানমন্ত্ৰী |
পৰৱৰ্তী | ২০২২ জি২০ বালি সন্মিলন |
পূৰ্বৱৰ্তী | ২০২৪ জি২০ ৰিঅ' ডি জেনেৰিঅ' সন্মিলন |
ৱেবছাইট | G20.org |
বন্ধ কৰক