নতুন দিল্লী
ভাৰতৰ ৰাজধানী আৰু দিল্লীৰ জিলা / From Wikipedia, the free encyclopedia
নতুন দিল্লী (ইংৰাজী: New Delhi, হিন্দী: नई दिल्ली) হৈছে ভাৰতৰ ৰাজধানী। ই ভাৰত চৰকাৰ আৰু ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ দিল্লী চৰকাৰ কেন্দ্ৰ ৰূপে কাম কৰে। নতুন দিল্লী দিল্লী মহানগৰ অন্তৰ্গত আৰু ই দিল্লী কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১১খন জিলাৰ ভিতৰত এখন। ভাৰতত ব্ৰিটিছৰ শাসনকালৰ সময়ত ১৯১১ চনলৈ ভাৰতৰ ৰাজধানী কলিকতা (বৰ্তমানৰ কলকাতা) আছিল। দেশখনৰ শাসন সুচাৰুৰূপে চলাবৰ বাবে কলিকতাৰ সলনি যদি দিল্লীত যদি ৰাজধানী স্থাপন কৰিলে বেছি ভাল হ'ব বুলি ব্ৰিটিছসকলে অনুভৱ কৰে। ইয়াৰ ফলতে ব্ৰিটিছ সম্ৰাট জৰ্জ পঞ্চমে ১৯১১ চনৰ দিল্লী দৰবাৰৰ সময়ত চনত চহৰখনৰ আধাৰশিলা স্থাপন কৰে।[4] বিখ্যাত ব্ৰিটিছ স্থপতিবিদ চাৰ এডৱিন লুটন্স আৰু চাৰ হবাৰ্ট বেকাৰে ইয়াৰ ৰূপৰেখা সৃষ্টি কৰে। ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল লৰ্ড আৰৱিনৰ দ্বাৰা ১৯৩১ চনৰ ১৩ ফেব্ৰুৱাৰীত এই নতুন ৰাজধানীক উদ্বঘাটন কৰা হয়।[5]
নতুন দিল্লী | |
---|---|
— ৰাজধানী চহৰ / জিলা — | |
দেশ | ভাৰত |
কেন্দ্ৰীয় শাসিত অঞ্চল | দিল্লী |
স্থাপন | ১৯১১ |
উদ্বঘাটন | ১৯৩১ |
চৰকাৰ | |
- প্ৰকাৰ | নগৰপালিকা |
- পৰিষদ | নতুন দিল্লী নগৰপালিকা পৰিষদ |
মাটিকালি[1] | |
- ৰাজধানী চহৰ | ৪২.৭ কি.মি.২ (১৬.৫ বৰ্গ মাইল) |
উচ্চতা | ২১৬ মিটাৰ (৭০৮.৬৬ ফুট) |
জনসংখ্যা (২০১১)[2] | |
- ৰাজধানী চহৰ | ১,৪২,০০৪ জন |
- জনঘনত্ব | ৩,৩২৫.৬ প্ৰতি বৰ্গ কি.মি. (৮,৬১৩.৩ প্ৰতি বৰ্গ মাইল) |
- মেট্ৰ' (২০১৬)[3] | ২,৬৪,৫৪,০০০ জন |
বিশেষণ | দিল্লীৱালে/ দেলহাইট |
সময় অঞ্চল | ভামাস (গ্ৰী.মা.স.+০৫:৩০) |
পিনক'ড | ১১০--- |
অঞ্চল কোড | +৯১-১১ |
যানবাহনৰ নম্বৰ | DL-1x-x-xxxx ৰ পৰা DL-14x-x-xxxx লৈ |
ৱেবছাইট | www |
যদিও পূৰ্বতে দিল্লী আৰু নতুন দিল্লী দুয়োটা নামকে দিল্লীৰ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলটোক বুজাবলে ব্যৱহাৰ কৰা হৈছিল, পিছে বৰ্তমানে এই দুটা নামে পৃথক পৃথক অঞ্চলক বুজায়। নতুন দিল্লী হৈছে বৃহত্তৰ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল দিল্লীৰ এক সৰু এলেকা, আনহাতে ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলটোৱে নতুন দিল্লীৰ লগতে দাতিকাষৰিয়া ৰাজ্য হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ কেইবাখনো চহৰক ধৰি এক বৃহত্তৰ অঞ্চল সামৰি লয়।