নৰেন্দ্ৰ মোদী
ভাৰতৰ ১৫তম আৰু বৰ্তমানৰ প্ৰধানমন্ত্ৰী / From Wikipedia, the free encyclopedia
নৰেন্দ্ৰ দামোদৰদাস মোদী (ইংৰাজী: Narendra Damodardas Modi, জন্ম: ১৭ ছেপ্তেম্বৰ, ১৯৫০) বা চমুকৈ নৰেন্দ্ৰ মোদী হৈছে ভাৰতবৰ্ষৰ ১৫তম আৰু বৰ্তমানৰ প্ৰধানমন্ত্ৰী। তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ এজন জ্যেষ্ঠ নেতা। ২০০১ৰ পৰা ২০১৪ চনলৈকে সুদীৰ্ঘ ১৩ বছৰ ধৰি তেওঁ গুজৰাটৰ মুখ্যমন্ত্ৰীৰ পদত আছিল। [2]
এই জীৱনীমূলক প্ৰবন্ধটোৰ বিশ্বাসযোগ্যতা বৃদ্ধি কৰিবৰ বাবে অতিৰিক্ত উদ্ধৃতি (তথ্যৰ উত্স) প্ৰদান কৰাৰ প্ৰয়োজন আছে। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উত্সৰ উল্লেখ কৰি প্ৰবন্ধটোৰ মানদণ্ড উন্নত কৰক কিয়নো উত্স নথকা প্ৰবন্ধৰ তথ্যসমূহে পঢ়ুৱৈৰ অপকাৰ সাধন কৰিব পাৰে। আপুনি যদি উদ্ধৃতি দিবলৈ অসুবিধা পাইছে তেনেহ’লে আপোনাৰ সুবিধাৰ বাবেই লিখা উদ্ধৃতিৰ সংক্ষিপ্ত সহায়িকাখন নিশ্চয় এবাৰ চকু ফুৰাই চাওক। |
নৰেন্দ্ৰ মোদী | |
---|---|
১৫তম[1] ভাৰতৰ প্ৰধানমন্ত্ৰী | |
পদাধিকাৰ | |
কাৰ্যভাৰ গ্ৰহণ ২৬ মে', ২০১৪ | |
ৰাষ্ট্ৰপতি | প্ৰণৱ মুখাৰ্জী |
পূৰ্বসূৰী | মনমোহন সিং |
১৪তম গুজৰাটৰ মুখ্যমন্ত্ৰী | |
কাৰ্যকাল ৭ আক্টোবৰ, ২০০১ – ২২ মে', ২০১৪ | |
ৰাজ্যপাল | সুন্দৰ সিং ভাণ্ডাৰী কৈলাসপতি মিশ্ৰ বলৰাম জাখাৰ নাৱাল কিশোৰ শৰ্মা এচ চি জমীৰ কামলা বেনীৱালা |
পূৰ্বসূৰী | কেশুভাই পেটেল |
উত্তৰসূৰী | আনন্দীবেন পেটেল |
বাৰাণসীৰ সাংসদ | |
পদাধিকাৰ | |
কাৰ্যভাৰ গ্ৰহণ ১৬ মে', ২০১৪ | |
পূৰ্বসূৰী | মূৰলী মনোহৰ যোশী (ইংৰাজী: Murli Manohar Joshi) |
মাণিনগৰ সমষ্টিৰ পৰা গুজৰাট বিধান সভাৰ সদস্য | |
কাৰ্যকাল ২০০২ – ১৬ মে', ২০১৪ | |
পূৰ্বসূৰী | কমলেশ পেটেল |
ব্যক্তিগত তথ্য | |
জন্ম | নৰেন্দ্ৰ দামোদৰদাস মোদী ১৭ ছেপ্টেম্বৰ, ১৯৫০ (৭৩ বছৰ) ভদনগৰ, ভাৰত |
ৰাজনৈতিক দল | ভাৰতীয় জনতা পাৰ্টী |
দাম্পত্যসঙ্গী | যশোদাবেন (Child marriage; estranged) |
বাসস্থান | ৫, ৰেচ কোৰ্চ ৰ'ড, নতুন দিল্লী |
শিক্ষানুষ্ঠান | দিল্লী বিশ্ববিদ্যালয় গুজৰাট বিশ্ববিদ্যালয় |
স্বাক্ষৰ | |
ৱেবছাইট | আনুষ্ঠানিক ৱেবছাইট চৰকাৰী ৱেবছাইট |
মোদী ১৯৯৫ আৰু ১৯৯৮ত অনুষ্ঠিত হোৱা গুজৰাট বিধান সভা নিৰ্বাচনত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰৰ মূল কৌশল নিৰ্দ্ধাৰক আছিল। ২০০৯ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচনৰো তেওঁ বিজেপি দলৰ এগৰাকী প্ৰধান নিৰ্বাচনী প্ৰচাৰক আছিল।[3] ২০০১ চনত মোদী প্ৰথম বাৰৰ বাবে গুজৰাটৰ মুখ্যমন্ত্ৰী হয়। গুজৰাটৰ উপ-নিৰ্বাচনত বিজেপি পৰাজিত হোৱা বাবে মুখ্যমন্ত্ৰী কেশুভাই পেটেলে পদত্যাগ কৰাত মোদীয়ে মুখ্যমন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰে। তেতিয়াৰে পৰা তেওঁ একেৰাহে ৪ৰ্থটো কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰিত্বৰ দায়িত্বত আছিল। তেওঁ ২০১৪ চনৰ সাধাৰণ নিৰ্বাচনৰ বিজেপি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ (এন.ডি.এ) প্ৰধান মন্ত্ৰী পদৰ বাবে প্ৰক্ষেপিত প্ৰাৰ্থী আছিল।[4] সেই নিৰ্বাচনত বিজেপিয়ে ২৮২খন আসন লাভ কৰি সংখ্যাগৰিষ্ঠতা লাভ কৰে।[5]
মোদী ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ এজন সদস্য।[6] প্ৰচাৰ মাধ্যম আৰু পণ্ডিতসকলে তেওঁক এগৰাকী হিন্দু জাতীয়তাবাদী বুলি বৰ্ণনা কৰিছে।[7][8] তেওঁ নিজেও সেই কথা স্বীকাৰ কৰে।[9][10] তেওঁ কেবল ৰাষ্ট্ৰীয় পৰ্যায়তে নহয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো এগৰাকী বিতৰ্কিত ব্যক্তি।[11][12][13][14] ২০০২ৰ গুজৰাট দাংগাত হোৱা চৌপাশৰ ঘটনাৱলীৰ বাবে তেওঁৰ প্ৰশাসনক কঠোৰ ভাবে সমালোচনা কৰা হয়।[14][15] গুজৰাটৰ দ্ৰুত অৰ্থনৈতিক বিকাশত অৰিহণা যোগোৱা তেওঁৰ অৰ্থনৈতিক নীতিসমূহৰ বাবে তেওঁক প্ৰশংসা কৰা হৈছে;[16] কিন্তু ৰাজ্যখনৰ মানৱ উন্নয়নত চকুত লগা ধনাত্মক প্ৰভাৱ পেলোৱাত বিফল হোৱা বুলি তেওঁৰ প্ৰশাসনক সমালোচনাও কৰা হৈছে।[17]