বুদ্ধ পূৰ্ণিমা
বুদ্ধৰ জন্ম, জ্ঞান আৰু মৃত্যুৰ উপলক্ষে পালন কৰা বৌদ্ধ ধৰ্মৰ উৎসৱ / From Wikipedia, the free encyclopedia
বুদ্ধ পূৰ্ণিমা বা বুদ্ধ জয়ন্তী বা বেশক (পালি: Vesākha, সংস্কৃত: Vaiśākha ),[1] পাৰম্পৰিক ভাবে ঘাইকৈ বৌদ্ধ ধৰ্মাৱলম্বী সকলে পালন কৰা এটি উৎসৱ। হিন্দু আৰু বৌদ্ধ সকলে বুদ্ধ পূৰ্ণিমা হিচাপে ভাৰত, শ্ৰীলংকা, নেপাল, তিব্বত, বাংলাদেশ, ভূটান, ইণ্ডোনেছিয়া, ফিলিপাইন, চিংগাপুৰ, থাইলেণ্ড, কম্বোডিয়া, লাউচ, মালয়েছিয়া, ম্যানমাৰ, মংগোলীয়া, আৰু চীন, জাপান, কোৰিয়া, টাইৱান আৰু ভিয়েটনামত বুদ্ধৰ জন্মদিন হিচাপে পালন কৰা হয়।[2] থেৰবাদ বৌদ্ধ বা দক্ষিণ অঞ্চলৰ বৌদ্ধ সকলে বুদ্ধ পূৰ্ণিমাক গৌতম বুদ্ধৰ জন্ম, পৰম জ্ঞান লাভ আৰু মৃত্যু বা মহাপৰিনিৰ্মাণৰ দিৱস হিচাপে পালন কৰে।[3]হিন্দুসকলৰ বাবেও এই দিনটো অতি পৱিত্ৰ। হিন্দুসকলে বুদ্ধক বিষ্ণুৰ নৱম অৱতাৰ বুলি বিশ্বাস কৰে।[4]
ক্ষিপ্ৰ তথ্য বুদ্ধ পূৰ্ণিমা, সম্পূৰ্ণ নাম ...
বুদ্ধ পূৰ্ণিমা | |
---|---|
ইণ্ডোনেছিয়াৰ জাভাৰ বৰুবদুৰত উদযাপিত বুদ্ধ পূৰ্ণিমা | |
সম্পূৰ্ণ নাম | বেশক, বেশখ, বুদ্ধ জয়ন্তী, বৈশাখী পূৰ্ণিমা |
অন্য নাম | বুদ্ধৰ জন্মদিন |
পালন কৰে | দক্ষিণ ভাৰতৰ বৌদ্ধ আৰু হিন্দু ধৰ্মাৱলম্বী সকল আৰু বুদ্ধৰ জন্মদিন হিচাপে দক্ষিণ পূব আৰু পূব এছিয়ান সকল |
প্ৰকাৰ | ধৰ্মীয় |
মহত্ব | গৌতম বুদ্ধৰ জন্ম, পৰম জ্ঞান লাভ আৰু মহাপৰিনিৰ্বাণ তিথি |
তাৰিখ | বহাগ মাহৰ পূৰ্ণিমা তিথিত |
আচাৰ | ধ্যান, অষ্টাংগ মাৰ্গ, নিৰামিষ খাদ্য গ্ৰহণ, দান আৰু বুদ্ধৰ অভিষেক |
সম্পৰ্কিত | বুদ্ধৰ জন্মদিন |
অৱধি | এদিন |
সংঘটন | বাৰ্ষিক |
বন্ধ কৰক