কম্বোডিয়া
From Wikipedia, the free encyclopedia
কম্বোডিয়া বা কাম্বোডিয়া বা কাম্পুচিয়া দক্ষিণ-পূব এছিয়াৰ এখন দেশ। "কম্বোডিয়া" নাম (ইংৰাজী Cambodia শব্দৰ পৰা আহিছে। ইয়াৰ উৎস হ’ল স্থানীয় খমেৰ ভাষাৰ প্ৰতেহ্ কম্পুচিয়া (ប្រទេសកម្ពុជា) অৰ্থাৎ "কম্বোজ প্ৰদেশ"। দেশখন কাম্পুচিয়া নামেৰেও পৰিচিত। খমেৰ ভাষাত স্ৰোক্ খ্মায়্ (ស្រុកខ្មែរ) অৰ্থাৎ "খমেৰ দেশ" নামটিও সুপ্ৰচলিত।
কম্বোডিয়া | ||||
---|---|---|---|---|
নীতিবাক্য "ৰাষ্ট্ৰ, ধৰ্ম, ৰজা" ("Nation, Religion, King") |
||||
ৰাষ্ট্ৰীয় সঙ্গীত নোকো ৰীচ |
||||
ৰাজধানী (আৰু বৃহত্তম নগৰ) | ফনম পেন 11°33′N 104°55′E | |||
ৰাষ্ট্ৰভাষা (সমূহ) | খমেৰ ভাষা, ফৰাচী ভাষা | |||
জাতীয়তাসূচক বিশেষণ | কম্বোডিয়ান | |||
চৰকাৰ | সাংবিধানিক ৰাজতন্ত্ৰ | |||
- | ৰজা | নোৰোডম চিহামণি | ||
- | প্ৰধানমন্ত্ৰী | হুন চেন | ||
স্বাধীনতা | ||||
- | ফ্ৰান্সৰ পৰা | ৯ নৱেম্বৰ ১৯৫৩ | ||
মাটিকালি | ||||
- | মুঠ | ১,৮১,০৩৫ বৰ্গ কিমি (৮৯ তম) ৬৯,৮৯৮ বৰ্গ মাইল |
||
- | জলভাগ (%) | ২.৫% | ||
জনসংখ্যা | ||||
- | ২০১৪ আনুমানিক | ১,৫৪,৫৮,৩৩২'"`UNIQ--ref-০০০০০০০০-QINU`"' (৬৫ তম) | ||
- | ২০০৮ লোকপিয়ল | ১৩'৩,৮৮,৯১০'"`UNIQ--ref-০০০০০০০১-QINU`"' | ||
জিডিপি (পিপিপি) | ২০০৬ আনুমানিক | |||
- | মুঠ | $৩৬.৮২ বিলিয়ন (৮৯ তম) | ||
- | জনমুৰি | $২,৬০০ (১৩৩ তম) | ||
মানৱ উন্নয়ন সূচক (২০০৪) | ০.৫৮৩ (মধ্যম) (১২৯ তম) | |||
মুদ্ৰা | ৰিয়েল(মুদ্ৰা) (៛)1 (KHR ) |
|||
সময় অঞ্চল | (ইউটিচি+৭) | |||
- | গ্ৰীষ্মকালীন (ডিএছটি) | (ইউটিচি+৭) | ||
ইণ্টাৰনেট টিএলডি | .kh | |||
কলিং ক'ড | +৮৫৫ | |||
1 | স্থানীয় মুদ্ৰা, আমেৰিকান ডলাৰ বহুলভাৱে ব্যৱহৃত হয় |
কম্বোডিয়াৰ উত্তৰ-পূবে লাউচ, পূবে আৰু দক্ষিণ-পূবে ভিয়েটনাম, পশ্চিম আৰু উত্তৰ-পশ্চিমে থাইলেণ্ড আৰু দক্ষিণ-পশ্চিমে থাইলেণ্ড উপসাগৰ। ফনম পেন দেশেৰ ৰাজধানী আৰু বৃহত্তম চহৰ।
প্ৰাচীনকালৰ পৰায়ে কম্বোডিয়াত ৰাজতন্ত্ৰ বিদ্যমান আছিল। এক হাজাৰ বছৰৰ আগতে কম্বোডিয়া খমেৰ জাতিৰ আংকৰ সম্ৰাজ্যৰ কেন্দ্ৰ আছিল। আংকৰ সম্ৰাজ্যৰ ৬০০ বছৰ ধৰি সমগ্ৰ দক্ষিণ-পূব এছিয়া বিস্তৃত আছিল। ১৮৬৩ চনৰ পৰা ১৯৫৩ চনলৈ ই ফৰাচী সকলৰ উপনিবেশ আছিল। ১৯৭০ চনত ৰাজতন্ত্ৰৰ স্থানত প্ৰজাতন্ত্ৰ প্ৰতিষ্ঠা কৰা হয় আৰু ১৯৭৫ চনত খমেৰ ৰুজ নামৰ এক সাম্যবাদী চৰকাৰ ক্ষমতা লাভ কৰে। তেওঁলোকে দেশখনক কাম্পুচিয়া প্ৰজাতন্ত্ৰ নাম দিয়ে। খমেৰ ৰুজৰ নিপীড়ন আৰু চৰমপন্থী সমাজতান্ত্ৰিক সংস্কাৰ কম্বোডিয়াৰ সমাজ আৰু অৰ্থনীতিক ধংশৰ পথত লৈ যায়। ১৯৭৯ চনত ভিয়েটনাম আৰু কম্বোডিয়াৰ খমেৰ ৰুজ-বিৰোধী শক্তি চৰকাৰ খনৰ পতন ঘটায় আৰু অপেক্ষাকৃত সহিষ্ণু এটি সাম্যবাদী চৰকাৰ গঠন কৰে। ১৯৮৯ চনত দেশখনে সমাজতন্ত্ৰ পৰিত্যাগ কৰে আৰু ১৯৯৩ চনত এক নতুন সংবিধান গ্ৰহণ কৰা হয়। নতুন সংবিধানত ৰাজতন্ত্ৰ পুনঃপ্ৰতিষ্ঠা কৰা হয়।
বিশ্বৰ আটাইতকৈ বিশাল ধাৰ্মিক উপাসনাস্থলী তথা বিশ্ব ঐতিহ্য ক্ষেত্ৰ অংকৰ ৱাত মন্দিৰ ইয়াতেই অৱস্থিত।