তিব্বত স্বায়ত্তশাসিত অঞ্চল
চীনৰ এক আঞ্চলিক পৰ্যায়ৰ স্বায়ত্তশাসিত অঞ্চল / From Wikipedia, the free encyclopedia
তিব্বত স্বায়ত্তশাসিত অঞ্চল (TAR), ছিজাং স্বায়ত্তশাসিত অঞ্চল, চুটিকৈ তিব্বত বা ছিজাং (চীনা ভাষাত:西藏; পিন্যিন লিপিত: Xīzàng; তিব্বতী ভাষাত: བོད་, ৱিলিত: Bod ) গণপ্ৰজাতন্ত্ৰী চীনৰ এক আঞ্চলিক পৰ্যায়ৰ স্বায়ত্তশাসিত অঞ্চল। এই অঞ্চলক আনুষ্ঠানিক ভাৱে ১৯৬৫ত প্ৰতিষ্ঠা কৰা হ'ল, গণপ্ৰজাতন্ত্ৰী চীনে চীন গণৰাজ্যৰ পৰা লাভ কৰা তিব্বত অঞ্চল শাসনাঞ্চলৰ স্থানত, ১৯৫৯ৰ তিব্বতী আন্দোলনৰ পাছত কাছাগক বৰ্খাস্ত কৰাৰ প্ৰায় ৫ বছৰ পাছত আৰু ১৯৫১ চনত তিব্বতক গণপ্ৰজাত্নত্ৰী চীনত বৰ্ত্তী কৰোৱাৰ প্ৰায় ১৩ বছৰ পাছত।
চীনত তিব্বত এক স্বায়ত্তশাসিত অঞ্চল হিচাপে চিহ্নিত। এই অঞ্চলৰ সীমা ১৮ শতিকাত নিৰ্দ্ধাৰিত আৰু ই সাংস্কৃতিক আৰু জাতিগত তিব্বতৰ অৰ্ধাংশ সামৰে।[1] তিব্বত স্বায়ত্তশাসিত অঞ্চল চীনৰ চিঞ্চিয়াঙৰ পাছত দ্বিতীয় সৰ্ববৃহৎ অঞ্চল, যিয়ে ১২০০০০০ বৰ্গ কিলোমিটাৰ ভূমি সামৰে আৰু পৰ্বতীয় আৰু কঠোৰ পৰিবেশৰ অঞ্চল হোৱাৰ বাবে চীনাৰ আতাইতকৈ কম জন ঘনত্ব থকা প্ৰশাসনীয় ভাগ।