পল ডিৰাক
From Wikipedia, the free encyclopedia
পল এদ্ৰিয়েন মৰিছ ডিৰাক (ইংৰাজী: Paul Adrien Maurice Dirac; ৮ আগষ্ট ১৯০২ – ২০ অক্টোবৰ ১৯৮৪) আছিল এগৰাকী ইংৰাজ তাত্ত্বিক পদাৰ্থবিজ্ঞানী। তেওঁক কুৰি শতিকাৰ সবাতোকৈ প্ৰখ্যাত পদাৰ্থবিজ্ঞানীসকলৰ এজন বুলি আখ্যা দিয়া হয়।
পল ডিৰাক | |
---|---|
ডিৰাকৰ ১৯৩৩ চনত তোলা ফটো | |
জন্ম | পল এদ্ৰিয়েন মৰিছ ডিৰাক ৮ আগষ্ট ১৯০২ ব্ৰিষ্টল, ইংলেণ্ড |
মৃত্যু | ২০ অক্টোবৰ ১৯৮৪ তাল্লাহাছি, ফ্ল'ৰিডা, আমেৰিকা যুক্তৰাষ্ট্ৰ |
বাসস্থান | যুক্তৰাজ্য |
জাতীয়তা | ছুইচ (১৯০২-১৯) ব্ৰিটিছ (১৯১৯-৮৪) |
ক্ষেত্ৰ | তাত্ত্বিক পদাৰ্থবিজ্ঞান |
কৰ্মস্থান |
|
শিক্ষানুষ্ঠান |
|
ডক্তৰেল পৰামৰ্শদাতা | ৰালফ্ ফাউলাৰ |
ডক্তৰেল বিদ্যাৰ্থী |
|
জনা যায় |
|
প্ৰভাৱ | জন ষ্টুৱাৰ্ট মিল[4][5] |
উল্লেখনীয় বঁটা |
|
দাম্পত্যসঙ্গী | মাৰ্গিট ৱিগনাৰ |
কোৱাণ্টাম বলবিজ্ঞান আৰু কোৱাণ্টাম ইলেক্ট্ৰডাইনেমিক্স উভয়ৰে প্ৰাৰম্ভিক বিকাশৰ কালছোৱাত ডিৰাকে ক্ষেত্ৰ দুখনলৈ মৌলিক অৱদান আগবঢ়াইছিল। আন আৱিষ্কাৰসমূহৰ ভিতৰত, ডিৰাকে তেওঁৰ সুপ্ৰসিদ্ধ ডিৰাক সমীকৰণ সংজ্ঞাৱদ্ধ কৰিছিল। ইয়াৰ দ্বাৰা ফাৰ্মিয়নবোৰৰ আচৰণ ব্যাখ্যা কৰাৰ লগতে এণ্টিমেটাৰ বা প্ৰতিপদাৰ্থৰ অস্তিত্বসম্পৰ্কেও ভৱিষ্যৎবাণী কৰিছিল। ১৯৩৩ চনত পাৰমাণৱিক তত্ত্বৰ নতুন ৰূপ এটা আগবঢ়োৱা বাবে আৰৱিন স্ক্ৰুডিনজাৰৰ সৈতে যুটীয়াভাৱে ডিৰাকক পদাৰ্থবিজ্ঞানৰ ন'বেল বঁটা প্ৰদান কৰা হৈছিল। সাধাৰণ আপেক্ষিকতাবাদৰ সৈতে কোৱাণ্টাম বলবিজ্ঞানৰ সমন্বয়সাধন সম্পৰ্কেও ডিৰাকে গুৰুত্বপূৰ্ণ অৰিহণা যোগাই থৈ গৈছে।
ডিৰাকৰ বন্ধু আৰু সহযোগীসকলে তেওঁৰ চাল-চলনবোৰ আচহুৱা বুলি মন্তব্য কৰিছিল। ১৯২৬ চনত পল এৰেনফেষ্টলৈ লিখা চিঠি এখনত এলবাৰ্ট আইনষ্টাইনে ডিৰাক সম্পৰ্কে লিখিছিল, "অসাধাৰণ মেধা আৰু পাগলামিৰ মাজৰ এই সাম্য অৱস্থাটো সঁচাই বিস্ময়কৰ"।[7]
তেওঁ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ গণিত বিভাগত লুকাছিয়ান অধ্যাপক আছিল, মিয়ামি বিশ্ববিদ্যালয়ৰ তাত্ত্বিক অধ্যয়ন কেন্দ্ৰৰ (Centre for Theoretical Studies) এগৰাকী সদস্য আছিল। ডিৰাকে জীৱনৰ অন্তিম কালছোৱা ফ্ল'ৰিডা ষ্টে'ট ইউনিভাৰছিটিত অতিবাহিত কৰিছিল।