সাধাৰণ আপেক্ষিকতাবাদ
From Wikipedia, the free encyclopedia
সাধাৰণ আপেক্ষিকতাবাদ (ইংৰাজী: General relativity) (সাধাৰণ আপেক্ষিকতাবাদ তত্ত্ব বা জি. টি. আৰ. নামেৰেও পৰিচিত) ১৯১৫ চনত এলবাৰ্ট আইনষ্টাইনে দাঙি ধৰা মহাকৰ্ষণৰ জ্যামিতিক তত্ত্ব। আধুনিক পদাৰ্থবিজ্ঞানত এই তত্ত্বৰ সহায়তে মহাকৰ্ষণৰ ব্যাখ্যা আগবঢ়োৱা হৈছে। ই আইনষ্টাইনৰ বিশেষ আপেক্ষিকতাবাদ তত্ত্বৰ সাধাৰণীকৰণ ৰূপ। ই পূৰ্বৰ নিউটনীয় বিশ্বজনীন মহাকৰ্ষণ তত্ত্বক চেৰাই গৈ স্থান আৰু সময়ৰ জ্যামিতিক ধৰ্ম ব্যৱহাৰ কৰি মহাকৰ্ষণ বলৰ এটা একক আৰু অভিনৱ ব্যাখ্যা আগবঢ়াইছে। এইক্ষেত্ৰত স্থান আৰু সময়ক একেলগে স্থানকাল (spacetime) বুলি কোৱা হয়। স্থানকালৰ বক্ৰতাৰ লগত যিকোনো বস্তু আৰু বিকিৰণৰ শক্তি আৰু ভৰবেগ পোনপটীয়াকৈ জড়িত হৈ আছে। এই সম্পৰ্কটো আইষ্টাইনৰ ক্ষেত্ৰ সমীকৰণৰ দ্বাৰা প্ৰকাশ কৰা হয়, যিটো কেইটামান আংশিক অৱকলনীয় সমীকৰণৰ সমষ্টি।
সাধাৰণ আপেক্ষিকতাবাদৰ কেইটামান ফলাফল ধ্ৰুপদী পদাৰ্থবিজ্ঞানে আগবঢ়োৱা ফলাফলৰ পৰা সম্পূৰ্ণৰূপে পৃথক। সময়ৰ প্ৰৱাহ, স্থান বা মহাকাশৰ জ্যামিতি, বাধাহীন পতনৰ সময়ত বস্তু এটাৰ গতি, পোহৰৰ বেগ আদিৰ লগত জড়িত এই পাৰ্থক্যসমূহৰ ভিতৰত মহাকৰ্ষণীয় লেন্সিং, মহাকৰ্ষণীয় সময় প্ৰসাৰণ, পোহৰৰ মহাকৰ্ষণীয় লোহিত বিচ্যুতি, মহাকৰ্ষণীয় সময়ৰ ধীৰগতি আদি বিশেষভাৱে উল্লেখযোগ্য। সাধাৰণ আপেক্ষিকতাবাদৰ ভৱিষ্যৎবাণীসমূহ ধ্ৰুপদী পদাৰ্থবিজ্ঞানৰ লগত তুলনা কৰি চোৱা হৈছে আৰু আজিলৈ সম্পন্ন হোৱা আটাইবোৰ পৰীক্ষা-নিৰীক্ষাতে ই সত্য প্ৰতিপন্ন হৈছে। যদিও সাধাৰণ আপেক্ষিকতাবাদ তত্ত্বটোৱেই মহাকৰ্ষণসম্পৰ্কীয় একমাত্ৰ আপেক্ষিকীয় তত্ত্ব নহয়, ব্যৱহাৰিক পৰীক্ষা-নিৰীক্ষাৰ তথ্যৰ লগত মিল থকা এইটোৱে সবাতোকৈ সৰল তত্ত্ব। তথাপি এতিয়াও কিছুমান উত্তৰবিহীন প্ৰশ্ন থাকি গৈছে। এই প্ৰশ্নবোৰৰ ভিতৰত সবাতোকৈ মৌলিক প্ৰশ্নটো হৈছে কোৱাণ্টাম পদাৰ্থবিজ্ঞানৰ তত্ত্বৰ লগত সাধাৰণ আপেক্ষিকতাবাদ জোৰা লগাই কিদৰে এটা স্বয়ংসম্পূৰ্ণ আৰু সুসংগঠিত কোৱাণ্টাম মহাকৰ্ষণ তত্ত্ব পাব পাৰি।
জ্যোতিপদাৰ্থবিজ্ঞানৰ ক্ষেত্ৰখনত আইনষ্টাইনৰ তত্ত্বৰ গুৰুত্বপূৰ্ণ বৰঙণি আছে। উদাহৰণস্বৰূপে, এই তত্ত্বৰ সহায়তে কৃষ্ণগহ্বৰৰ উপস্থিতিৰ ভৱিষ্যৎবাণী কৰা হৈছিল। অতিকায় তৰাবোৰৰ জীৱনকালৰ শেষ পৰিণতিৰূপে সৃষ্টি হোৱা এই কৃষ্ণগহ্বৰবোৰ মহাকাশৰ এনে এটা অঞ্চল য'ত স্থান আৰু কাল ইমানেই বিকৃত হয় যে একোৱেই, আনকি পোহৰো বাহিৰ ওলাব নোৱাৰে। মহাকাশৰ কিছুমান বস্তুৰ পৰা নিৰ্গত হোৱা বিকিৰণবোৰ প্ৰকৃতাৰ্থত কৃষ্ণগহ্বৰৰ প্ৰভাৱতেই হৈছে বুলি স্পষ্ট সাক্ষ্য আছে। উদাহৰণস্বৰূপে, মাইক্ৰ'কোৱাছাৰ আৰু সক্ৰিয় তাৰকাৰাজ্যিক নিউক্লিয়াছবোৰ যথাক্ৰমে নক্ষত্ৰীয় কৃষ্ণগহ্বৰ আৰু অতিকায় কৃষ্ণগহ্বৰৰ উপস্থিতিৰ বাবে হৈছে। মহাকৰ্ষণৰ প্ৰভাৱত পোহৰৰ গতিপথ ভাঁজ খোৱা বাবে মহাকৰ্ষণীয় লেন্সিং পৰিঘটনাটোৰ সৃষ্টি হৈছে। ইয়াৰ ফলস্বৰূপে দূৰৱৰ্তী একেটা পোহৰ উৎসৰে একাধিক ছবি আকাশত দৃশ্যমান হয়। সাধাৰণ আপেক্ষিকতাবাদে মহাকৰ্ষণীয় তৰংগৰ উপস্থিতিৰো ভৱিষ্যৎবাণী কৰিছিল, যিটো শেহতীয়াকৈ লিগ' প্ৰকল্পৰ জৰিয়তে পোনপটীয়াকৈ প্ৰত্যক্ষ কৰা হৈছিল। তদুপৰি প্ৰসাৰণশীল বিশ্বব্ৰহ্মাণ্ডখন সম্পৰ্কীয় এতিয়াৰ জ্যোতিৰ্বৈজ্ঞানিক আৰ্হিটোও মূলতঃ সাধাৰণ আপেক্ষিকতাবাদৰ ভিত্তিতেই গঢ় লৈ উঠিছে।
অপৰিসীম সৌন্দৰ্য্যৰে ভৰপূৰ বুলি পৰিচিত সাধাৰণ আপেক্ষিকতাবাদক প্ৰায়েই ভৌতিক তত্ত্বসমূহৰ ভিতৰত সবাতোকৈ ধুনীয়া তত্ত্ব বুলি আখ্যা দিয়া হয়।[2]