হৰিশ-চন্দ্ৰ
From Wikipedia, the free encyclopedia
হৰিশ-চন্দ্ৰ (ইংৰাজী: Harish-Chandra; ১১ অক্টোবৰ, ১৯২৩ – ১৬ অক্টোবৰ, ১৯৮৩) এজন ভাৰতীয় মূলৰ আমেৰিকান গণিতজ্ঞ আৰু পদাৰ্থ বিজ্ঞানী। তেওঁ নিজৰ নামটো হৰিশচন্দ্ৰ বুলিয়েই লিখিছিল যদিও তেওঁৰ প্ৰথমখন বৈজ্ঞানিক গৱেষণা পত্ৰৰ প্ৰকাশৰ সময়ত সম্পাদকে তেওঁৰ নামটোৰ শব্দযুগলৰ মাজত এডাল হাইফেন বহুৱাই দিলে, হৰিশ-চন্দ্ৰ। তেতিয়াৰে পৰা তেওঁ নামটো সেইধৰণে লিখিবলৈ লয়।[3]তেওঁ প্ৰতিনিধিত্ব তত্ত্ব (representation theory), বিশেষকৈ অৰ্ধসৰল লী সংঘ(semisimple Lie group)ৰ সমঞ্জস বিশ্লেষণ (harmonic analysis)ৰ ওপৰত কাম কৰিছে।[4][5][6]
ক্ষিপ্ৰ তথ্য হৰিশ-চন্দ্ৰ, জন্ম ...
হৰিশ-চন্দ্ৰ | |
---|---|
জন্ম | ১১ অক্টোবৰ, ১৯২৩ কানপুৰ, ভাৰত |
মৃত্যু | ১৬ অক্টোবৰ, ১৯৮৩ (৬০ বছৰ) প্ৰিন্সটন, নিউ জাৰ্চি, আমেৰিকা যুক্তৰাষ্ট্ৰ |
বাসস্থান | প্ৰিন্সটন, নিউ জাৰ্চি |
নাগৰিকত্ব | আমেৰিকান[1] |
ক্ষেত্ৰ | গণিত শাস্ত্ৰ, পদাৰ্থ বিজ্ঞান |
কৰ্মস্থান | ইণ্ডিয়ান ইনষ্টিটিউট অৱ ছায়েন্স হাৰ্ভাড বিশ্ববিদ্যালয় কলম্বিয়া বিশ্ববিদ্যালয় টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠান ইনষ্টিটিউট অৱ এডভান্সড ষ্টাডি |
শিক্ষানুষ্ঠান | এলাহাবাদ বিশ্ববিদ্যালয় কেমব্ৰিজ বিশ্ববিদ্যালয় |
ডক্তৰেল পৰামৰ্শদাতা | পল ডিৰাক |
উল্লেখনীয় বঁটা | ৰয়েল ছ'চাইটিৰ সভ্য[2] বীজগণিতত ক'ল প্ৰাইজ (১৯৫৪) শ্ৰীনিবাস ৰামানুজন মেডেল |
বন্ধ কৰক