নল গাহৰি
স্তন্যপায়ী প্রজাতি / From Wikipedia, the free encyclopedia
নল গাহৰি (ইংৰাজী: Pygmy hog বৈ়জ্ঞানিক নাম: Porcula salvania) পৃথিবীৰ ভিতৰতে আটাইতকৈ সৰু প্ৰজাতিৰ বনৰীয়া গাহৰি। এটা সময়ত এই গাহৰি উত্তৰ প্ৰদেশ, নেপাল, উত্তৰবংগ আৰু অসম জুৰি হিমালয়ৰ পাদদেশৰ দক্ষিণে থকা এক সংকীৰ্ণ অঞ্চলৰ ঘাঁহনিত নল গাহৰি পোৱা গৈছিল । লাহে লাহে উত্তৰ প্ৰদেশ, নেপাল, উত্তৰবংগৰ ঘাঁহনিত নল গাহৰি বিলুপ্ত হৈ যোৱাত এই আপুৰুগীয়া গাহৰিৰ প্ৰজাতিটো বিলুপ্ত হোৱা বুলি ধৰি লোৱা হৈছিলে যদিও পিছলৈ কেৱল অসমৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত পুনৰ ইয়াক দেখা পোৱা যায় । ঘোৰ-সংকটগ্ৰস্থ (Critically Endangered) তালিকা ভূক্ত এই প্ৰাণী বৰ্তমান অসমৰ বাহিৰে পৃথিবীৰ আন কতো নাই আৰু ভাৰতীয় গঁড়তকৈ বৰ্তমানত জীয়াই থকা নল গাহৰিৰ সংখ্যা কেইবাগুণে কম। গোটেই পৃথিবীতে সম্ভৱতঃ ৫০০টাতকৈও কম নল গাহৰি বৰ্তমান কেৱল অসমৰ হাবিত জীয়াই আছে।
ক্ষিপ্ৰ তথ্য নল গাহৰি, সংৰক্ষণ স্থিতি ...
নল গাহৰি | |
---|---|
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Mammalia |
বৰ্গ: | Artiodactyla |
পৰিয়াল: | Suidae |
উপপৰিয়াল: | Suinae |
গণ: | Porcula Hodgson, 1847 |
প্ৰজাতি: | P. salvania |
বৈজ্ঞানিক নাম | |
Porcula salvania Hodgson, 1847 | |
সমাৰ্থক | |
|
বন্ধ কৰক