বৰ্গ (জীৱবিদ্যা)
From Wikipedia, the free encyclopedia
বৰ্গ (ইংৰাজী: order, অৰ্ডৰ; লেটিন: ordo, অৰ্ড') জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন ত জীৱৰ বৰ্গীকৰণৰ এটা প্ৰধান গোট। জীৱৰ বৰ্গীকৰণত ক্ৰমে অধিজগৎ, জগৎ, পৰ্ব আৰু শ্ৰেণীৰ পাছতেই বৰ্গক ৰখা হৈছে। এটা বৰ্গক কেইবাটাও সৰু সৰু পৰিয়ালত ভাগ কৰা হৈছে। ইয়াৰ উপৰিও শ্ৰেণী আৰু বৰ্গ, বৰ্গ আৰু পৰিয়াল বা যিকোনো দুটা ক্ৰমিক গোটৰ মাজত বহুটো উপগোট নাইবা অধিগোট আদি থাকে।[1]