অধিজগৎ (জীৱ বিজ্ঞান)
From Wikipedia, the free encyclopedia
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজনত অধিজগৎ বুলিলে, আমেৰিকান অনুজীৱবিদ আৰু জৈৱপদাৰ্থবিদ কাৰ্ল ৱেইছৰ ত্ৰি-সাম্ৰাজ্য পদ্ধতিৰ সৰ্বোচ্চ বৰ্গীয় স্থানক বুজায় । ১৯৯০ চনত তেওঁ প্ৰকাশ কৰা তিনি অধিজগতৰ জীৱন বৃক্ষৰ মতে, তিনিখন অধিজগৎ হ'ল - আৰ্কিয়া, বেক্টেৰিয়া আৰু ইউকাৰিয়া (সংকোষকেন্দ্ৰীয়) ।[1] ইয়াৰে প্ৰথম দুখন অধিজগতৰ সকলো সদস্য প্ৰকোষকেন্দ্ৰীয় অনুজীৱ বা কোষকেন্দ্ৰহীন এককোষী অনুজীৱ । সুনিৰ্দিষ্ট কোষকেন্দ্ৰ থকা আৰু প্ৰায় সকলো বহুকোষী জীৱ সংকোষকেন্দ্ৰীয় অধিজগতৰ অন্তৰ্ভুক্ত । অধিজগৎ সমূহক কেইবাখনো জগতত ভাগ কৰা হৈছে ।