শকাব্দ
From Wikipedia, the free encyclopedia
শকাব্দ অথবা শালীবাহনাব্দ হ'ল ভাৰতীয় উপমহাদেশত বহুলভাবে প্ৰচলিত প্ৰাচীন সৌৰ অব্দ বা বৰ্ষপঞ্জী। এই অব্দ বংগাব্দৰ ৫১৫ বছৰ আগত আৰু খ্ৰীষ্টাব্দৰ ৭৮ বছৰ পিছত প্ৰচলিত হয়। শকাব্দৰ উৎস লৈ ইতিহাসবিদ সকলৰ মাজত মতানৈক্য আছে। কিন্তু অধিকাংশ ইতিহাসবিদৰ মতানুসাৰে প্ৰাচীন ভাৰতীয় নৃপতি শালীবাহনৰ প্ৰয়াণ দিৱসৰ পৰায়ে শকাব্দৰ সূচনা হয় বুলি গণ্য কৰা হয়। ৰজা শালীবাহনৰ ৰাজত্বকালত এবাৰ বাহিৰাগত শক জাতিয়ে তেওঁৰ ৰাজ্য আক্ৰমণ কৰে। তেতিয়া শালীবাহনে শক সকলক পৰাজিত কৰি 'শকাৰি' উপাধি গ্ৰহণ কৰে। তাৰ পৰায়ে এই বৰ্ষপঞ্জীৰ নাম হয় শকাব্দ।
পতাকা | ত্ৰিৰঙ্গা |
প্ৰতীক | অশোক স্তম্ভ |
সংগীত | জন গণ মন |
স্তোত্ৰ | বন্দে মাতৰম্ |
পশু | বাঘ (ঢেঁকীয়াপতীয়া বাঘ) |
ঐতিহ্যবাহী পশু | ভাৰতীয় হাতী |
পক্ষী | ভাৰতীয় ময়ূৰ |
জলচৰ প্ৰাণী | শিহু |
ফুল | পদুম |
গছ | বট গছ |
ফল | আম |
খেল | হকী |
বৰ্ষপঞ্জী | শকাব্দ |
নদী | গঙ্গা[2] |
শকাব্দ এক প্ৰকাৰৰ সৌৰবৰ্ষ। পূৰ্বতে ইয়াৰ মাহ গণনা দিনাংক খ্ৰীষ্টিয় চতুৰ্থ শতিকাত উদ্ভূত প্ৰাচীন ভাৰতীয় জ্যোতিৰ্বিজ্ঞান সম্পৰ্কীয় গ্ৰন্থ 'সূৰ্য সিদ্ধান্ত'ৰ আধাৰত সৌৰবৰ্ষ গণনা কৰা হৈছিল।[3]
এক ৰাশিৰ পৰা আন এক ৰাশিত সূৰ্যৰ আপাত গমনৰ (মূলতঃ পৃথিৱীৰ বাৰ্ষিক গতিৰ কাৰণে) ফলত মাহ পৰিৱৰ্তিত হয়।[3] পূব ভাৰতত প্ৰচলিত বংগাব্দ আৰু ভাস্কৰাব্দ বৰ্ষগণনাৰ ক্ষেত্ৰত এতিয়াও এই প্ৰাচীন পদ্ধতিক অনুসৰণ কৰা হয়। শকাব্দত অঞ্চলভেদে বিভিন্ন সময়ত বৰ্ষাৰম্ভ হয়। যেনে উত্তৰ ভাৰতত নতুন বছৰৰ আৰম্ভণি চৈত্ৰ বা চ'ত মাহত হয় কিন্তু পূব ভাৰতত বৈশাখ বা বহাগ মাহত নৱবৰ্ষ আৰম্ভ হয়। ভাৰতীয় ইতিহাসৰ আধুনিক যুগেতেও অন্যান্য অব্দৰ সমান্তৰাল ভাৱে শকাব্দৰ ব্যৱহাৰ বহুলভাবে লক্ষ্য কৰা হয়। অসমত "ভাস্কৰাব্দ" নামৰ এটি বৰ্ষপঞ্জী প্ৰচলিত থাকিলেও শকাব্দয়ে বহুল ভাৱে প্ৰচলিত। সূৰ্য সিদ্ধান্তৰ প্ৰাচীন নিয়ম মানি অসমত ১ বহাগত (বৈশাখ) পালিত নৱবৰ্ষ উৎসৱ "বহাগ বিহু"ৰ পৰায়ে শকাব্দ গণনা কৰা হয়।[4]