পদুম
ভাৰতৰ ৰাষ্ট্ৰীয় ফুল / From Wikipedia, the free encyclopedia
পদুম (বৈজ্ঞানিক নাম: Nelumbian nucifera) ভাৰতৰ ৰাষ্ট্ৰীয় ফুল। পদ্ম, কমল, শতদল, সহস্ৰদল, উৎপল, মৃণাল, পংকজ, অম্বুজ, নীৰজ, সৰোজ, নলিনী, অৰবিন্দ, ৰাজীৱ, ইন্দিৰা, কুমুদ, পুণ্ডৰীক (শ্বেতপদ্ম), কোকোনদ (ৰক্ত পদ্ম), ইন্দিবৰ (নীল পদ্ম) আদি বিভিন্ন নামেৰে পদুম জনাজাত। ফাৰ্চী ভাষাত পদুমক "নিলোফাৰ" আৰু ইংৰাজী ভাষাত "Indian Lotus" বা "Sacred Lotus" বোলে।
পদুম | |
---|---|
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Eudicots |
বৰ্গ: | Proteales |
পৰিয়াল: | Nelumbonaceae |
গণ: | Nelumbo |
প্ৰজাতি: | N. nucifera |
বৈজ্ঞানিক নাম | |
Nelumbo nucifera Gaertn. | |
সমাৰ্থক | |
|
পদুমৰ গছ পানী বা বোকাত গজে। ভাৰতৰ সকলো উষ্ণ অঞ্চলত তথা ইৰানৰ পৰা অষ্ট্ৰেলিয়ালৈ পদুম পোৱা যায়। পদুমৰ ফুল সাধাৰণতে বগা বা গুলপীয়া হোৱা দেখা যায়। ৰঙা, নীলা আৰু সোণালী ৰঙৰো পদুম পোৱা যায়। পাতবোৰ ডাঙৰ আৰু গোলাকৃতিৰ। পাতৰ দীঘলীয়া ঠাৰিৰ পৰা একপ্ৰকাৰৰ সূতা উলিওৱা হয়। এই সূতা মন্দিৰত চাকিৰ শলিতা হিচাপে ব্যৱহাৰ কৰা হয়। এই সূতাৰে তৈয়াৰ কৰা কাপোৰ পিন্ধিলে বহুতো ৰোগৰ পৰা সাৰি থাকিব পাৰি বুলি বিশ্বাস কৰে। পদুমৰ গা-গছ দীঘলীয়া, পোন আৰু ফোঁপোলা। ই পানীৰ তলত গোটেই বোকা আৱৰি থাকে। গা-গছৰ গাঁঠিৰ পৰা শিপা উলায়। পদুমৰ ৰাইজম পদ্ধতিৰে অযৌন প্ৰজনন ঘটে।