ইৰান
From Wikipedia, the free encyclopedia
ইৰান (ইংৰাজী: Iran) হৈছে দক্ষিণ-পশ্চিম এছিয়াৰ পাৰস্য উপসাগৰৰ তীৰত অবস্থিত এখন ৰাষ্ট্ৰ। ইৰান বিশ্বৰ সকলোতকৈ বেছি পৰ্বতমালাৰ দেশৰ ভিতৰত অন্যতম; ইয়াত হিমালয়ৰ পাছতেই এছিয়াৰ সৰ্বোচ্চ পৰ্বত ডামভান্দ অৱস্থিত। দেশৰ জনগণ জাতিগত আৰু ভাষাগতভাৱে বিচিত্ৰ হ'লেও ইয়াৰ প্ৰায় সকলো লোকেই মুছলিম। শতাব্দী শতাব্দী ধৰি এই অঞ্চলটো ইছলামৰ ছিয়া মতাৱলম্বীসকলৰ কেন্দ্ৰ। ইৰানত বিশ্বৰ অন্যতম বৃহৎ খনিজ তেল আৰু প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ আছে। পাৰস্য উপসাগৰৰ অন্যান্য তেলসমৃদ্ধ দেশৰ দৰে ইৰানৰ তেল ৰপ্তানি ২০শ শতিকাত আৰম্ভ হৈছিল আৰু দেশৰ অৰ্থনীতিৰ মূল চালিকাশক্তি।[6]
ইছলামী প্ৰজাতন্ত্ৰী ইৰান جمهوری اسلامی ایران দ্জুম্হুৰিয়ে এশ্লমিয়ে ইৰণ্ |
||||||
---|---|---|---|---|---|---|
নীতিবাক্য استقلال. آزادی. جمهوری اسلامی স্বাধীনতা, মুক্ততা, ইছলামীক প্ৰজাতন্ত্ৰ |
||||||
ৰাষ্ট্ৰীয় সঙ্গীত ছুৰুউদ-এ মেল্লি-এ জুমহুৰি-এ এছলামি-এ ইৰান (চৰকাৰী) এৱ ইৰান (দ্য ফেক্ট') (ফাৰ্চী: ও ইৰান) |
||||||
ৰাজধানী (আৰু বৃহত্তম নগৰ) | তেহৰাণ 35°41′N 51°25′E | |||||
ৰাষ্ট্ৰভাষা (সমূহ) | ফাৰ্ছি | |||||
অন্যান্য ভাষা | আৰ্মেনীয়, আছিৰীয় নব্য-আৰামীয়, আজাৰবাইজানি, কুৰ্দি, লৰি, বেলুচি, আৰৱী, তুৰ্কমেনীয় | |||||
জাতীয়তাসূচক বিশেষণ | ইৰানীয়ান | |||||
চৰকাৰ | ইছলামী প্ৰজাতন্ত্ৰ | |||||
- | সৰ্বোচ্চ নেতা | আয়াতুল্লাহ আলী খামেনি | ||||
- | ৰাষ্ট্ৰপতি | আয়াতুল্লাহ ৰুহানি | ||||
- | প্ৰথম উপৰাষ্ট্ৰপতি | মহম্মদ-ৰাজা ৰাহিমি | ||||
- | বিধানসভাৰ প্ৰবক্তা | আলি লাৰিজানি | ||||
- | প্ৰধান বিচাৰপতি | আলি লৰিজানি | ||||
একত্ৰীকৰণ[1] | ||||||
- | মধ্যস্থিত সাম্ৰাজ্য | খ্ৰীষ্টপূৰ্ৱ ৬২৫ | ||||
- | ছাফাভিড সাম্ৰাজ্য | ১৫০১[2] | ||||
- | ইছলামী প্ৰজাতন্ত্ৰ | ১ এপ্ৰিল ১৯৭৯ | ||||
- | বৰ্তমানৰ সংবিধান | ২৪ অক্টোবৰ ১৯৭৯ | ||||
মাটিকালি | ||||||
- | মুঠ | ১৬,৪৮,১৯৫ বৰ্গ কিমি (১৮তম) ৬,৩৬,৩৭২ বৰ্গ মাইল |
||||
- | জলভাগ (%) | ০.৭ (১১,৫৩৭ বৰ্গ কিমি) | ||||
জনসংখ্যা | ||||||
- | 2010 আনুমানিক | ৭,৬৯,২৩,৩০০ (১৭তম) | ||||
- | ২০১০ লোকপিয়ল | ৭,৪৭,০০,০০০ | ||||
- | ঘনত্ব | ৪৫ প্ৰতি বৰ্গকিমি (১৬৩তম) ১১৬.৬ প্ৰতি বৰ্গমাইল |
||||
জিডিপি (পিপিপি) | ২০১০ আনুমানিক | |||||
- | মুঠ | $৫৮৬৫.২ কোটি[3] (১৮তম) | ||||
- | জনমুৰি | $১১,৩৯৫[3] | ||||
জিডিপি (নামমাত্ৰ) | ২০১০ আনুমানিক | |||||
- | মুঠ | ৩৫৯৯৭ কোটি[3] | ||||
- | জনমুৰি | $৪,৭৭৭[3] | ||||
জিনি সহগ? (২০০৮) | ৩৮[4] (মধ্যম) | |||||
মানৱ উন্নয়ন সূচক (২০১০) | ০.৭০২[5] (উচ্চ) (৭০তম) | |||||
মুদ্ৰা | ৰিয়েল (﷼) (IRR ) |
|||||
সময় অঞ্চল | IRST (ইউটিচি+৩:৩০) | |||||
- | গ্ৰীষ্মকালীন (ডিএছটি) | ইৰান দিবালোক সংৰক্ষণ সময় (IIRD) (ইউটিচি+৪:৩০) | ||||
গাড়ী চলোৱা হয় | সোঁফালে | |||||
ইণ্টাৰনেট টিএলডি | .ir | |||||
কলিং ক'ড | +৯৮ | |||||
1 | Bookrags.com | |||||
2 | Iranchamber.com | |||||
3 | ষ্টেটিছটিকেল চেণ্টাৰ অৱ ইৰান. "جمعيت و متوسط رشد سالانه" (পাৰ্ছিয়ান ভাষাত). http://www.sci.org.ir/content/userfiles/_sci/sci/SEL/f02/2.1.html। আহৰণ কৰা হৈছে: ২০০৯-০২-১৩. | |||||
4 | CIA Factbook |
খ্ৰীষ্টপূৰ্ৱ ৬ষ্ঠ শতাব্দীত বৰ্তমান ইৰান আছিল বিশ্ব শ্ৰেষ্ঠ পাৰস্য সাম্ৰাজ্যৰ কেন্দ্ৰ। প্ৰায় ২০০০ বছৰ ধৰি এই অঞ্চলৰ অধিবাসীয়ে নিজৰ দেশক "ইৰান" (ইৰণ্) নামেৰে মাতে। ইৰান নামটো, এই এলেকাত বসতি স্থাপনকাৰী আৰ্য গোত্ৰৰ নামৰ পৰা লোৱা হৈছে। কিন্তু গ্ৰীকত এই অঞ্চলক পাৰ্ছ (বৰ্তমান ইৰানৰ ফাৰ্ছ প্ৰদেশ) বুলি কয়, আৰু সেইবাবে ইউৰোপীয় ভাষাত ইয়াৰ নাম হয় পাৰ্ছিয়া বা পেৰ্ছিয়া। ১৯৩৫ চনত ইৰানৰ শাসকসকলে দেশখনক কেৱল "ইৰান" বুলি কবলৈ অনুৰোধ জনোৱাৰ পৰা সমগ্ৰ বিশ্বত দেশখন এই নামেৰেই পৰিচিত হয়। ১৫০১ চনৰ পৰা ১৯৭৯ চন পৰ্যন্ত ৰাজতন্ত্ৰী ইৰান হয় শ্বাহ নাইবা ৰজাই শাসন কৰিছিল। ১৯৭৯ চনত ইৰানী বিপ্লৱ গণঅভ্যুত্থানৰ মাধ্যমেৰে ৰাজতন্ত্ৰৰ পতন ঘটে আৰু ইৰানত এক ইছলামী প্ৰজাতন্ত্ৰ স্থাপন হয়।
ইৰান ভৌগোলিক আৰু সাংস্কৃতিকভাৱে মধ্যপ্ৰাচ্যৰ পূৱপ্ৰান্তত অৱস্থিত এক সম্পৰ্কীত অঞ্চল। ইয়াৰ উত্তৰে আৰ্মেনিয়া, আজাৰবাইজান, কাস্পিয়ান সাগৰ আৰু তুৰ্কমেনিস্তান; পূৱে আফগানিস্তান আৰু পাকিস্তান; দক্ষিণে ওমান উপসাগৰ, হৰমুজ প্ৰণালী আৰু পাৰস্য উপসাগৰ, আৰু পশ্চিমে ইৰাক আৰু তুৰষ্ক আছে। তেহৰাণ ইৰানৰ বৃহত্তম চহৰ আৰু ৰাজধানী; চহৰখন ইৰানৰ উত্তৰ অঞ্চলত অৱস্থিত।