ভাস্কৰাব্দ
চান্দ্ৰ-সৌৰ বর্ষপঞ্জী / From Wikipedia, the free encyclopedia
ভাস্কৰাব্দ ভাৰতৰ অসম ৰাজ্যত প্ৰচলিত এক প্ৰকাৰৰ সৌৰ বৰ্ষপঞ্জী। শকাব্দ, বিক্ৰম সংবৎ আদিৰ লগত মিল থাকিলেও ভাৰতৰ বাঙালী সম্প্ৰদায়ৰ মাজত প্ৰচলিত আৰু বাংলাদেশৰ জাতীয় বৰ্ষপঞ্জী বংগাব্দৰ লগত ভাস্কৰাব্দৰ বিশেষ সাদৃশ্য আছে। প্ৰাচীন কামৰূপৰ বৰ্মণ ৰাজবংশৰ শ্ৰেষ্ঠ ৰজা কুমাৰ ভাস্কৰ বৰ্মাৰ ৰাজ অভিষেকৰ পৰা এই বছৰ গণনা হয়। খ্ৰীষ্টান বছৰৰ তুলনাত ই ৫৯৩ বছৰ পাছ পৰা। অৰ্থাৎ খ্ৰীষ্টাব্দৰ পৰা ৫৯৩ বছৰ বিয়োগ কৰিলে চলিত ভাস্কৰাব্দটো পোৱা যায়।[1]
ভাস্কৰাব্দ পহিলা ব'হাগৰ পৰা আৰম্ভ হয়। গ্ৰেগৰীয়ান বৰ্ষপঞ্জী মতে এপ্ৰিল মাহৰ মাজ ভাগত অৰ্থাৎ ১৫/১৬ এপ্ৰিলত ব'হাগ মাহ আৰম্ভ হয়। ভাস্কৰাব্দ অসমৰ প্ৰথম প্ৰচলিত বৰ্ষপঞ্জী। পিছলৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মৰপৰা শংকৰাব্দ নামেৰে আন এক বৰ্ষপঞ্জীৰ প্ৰচলন আৰম্ভ হয়।[2]