শ্ৰীমন্ত শংকৰদেৱ
মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ এগৰাকী একাধাৰে নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক, সমাজ সংগঠক, সু-গায়ক, সুৰকাৰ, / From Wikipedia, the free encyclopedia
শ্ৰীমন্ত শংকৰদেৱ (ইংৰাজী: Srimanta Sankardeva, জন্ম: ১৪৪৯ - মৃত্যু: ১৫৬৮) একাধাৰে এগৰাকী ধৰ্ম প্ৰচাৰক, সমাজ সংগঠক, গায়ক, নৰ্তক, অভিনেতা, কবি, চিত্ৰকৰ আছিল। শংকৰদেৱ অসমীয়া জাতি-সাহিত্য-সংস্কৃতি নিৰ্মাতা।[2] সেইবাবেই তেওঁৰ প্ৰিয়তম শিষ্য মাধৱদেৱে শঙ্কৰদেৱক “সৰ্বগুণাকৰ’’ শব্দৰে অভিহিত কৰিছিল৷[3]তেওঁ সাংস্কৃতিক প্ৰমূল্যৰে নৱবৈষ্ণৱ ধৰ্ম অথবা একশৰণ ধৰ্ম প্ৰচাৰ কৰি অসমীয়া সমাজ-জীৱনক একত্ৰিত আৰু সংহত কৰিছিল।[1][2] অসমীয়া তথা ভাৰতীয় সাংস্কৃতিক জীৱনলৈ তেওঁ যি অৱদান আগবঢ়াই গ'ল, তাৰ বাবে তেওঁক মহাপুৰুষ আৰু অৱতাৰী পুৰুষৰূপে আখ্যা দিয়া হয়।[2]তেওঁ মানুহৰ আধ্যাত্মিক উত্তৰণৰ কাৰণে ভক্তি ধৰ্মৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল৷ [4]সাধাৰণ অনাখৰী মানুহেও যাতে ভাৰতীয় দৰ্শনৰ জটিল তত্ত্বসমূহ সহজে অনুভৱ কৰিব পাৰে, সেই উদ্দেশ্য আগত ৰাখি তেওঁ সহজ-সৰল ভাষাৰে বেদ পুৰাণৰ তত্ত্বকথাৰে নানা শাস্ত্ৰ ৰচনা কৰিছিল৷ মহাত্মা গান্ধীয়ে শঙ্কৰদেৱৰ প্ৰসঙ্গত কৈছিল, যি ধৰ্ম অৱলম্বন কৰি মই ৰামৰাজ্যৰ কল্পনা কৰিছোঁ, তাতোকৈও সুন্দৰ আৰ্হি শঙ্কৰদেৱে অসমবাসীক দি গৈছে৷[5]
এই প্ৰবন্ধ বা অংশটো সম্ভৱত কোনো কিতাপ নাইবা ৱেবছাইটৰ পৰা প্ৰতিলিপি কৰা হৈছে, যিটোৱে ৱিকিপিডিয়া কপিৰাইট নীতি উলংঙ্ঘা কৰা সূচাইছে। অনুগ্ৰহ কৰি এইটো পৰিষ্কাৰ অথবা প্ৰবন্ধটোৰ প্ৰতিলিপি কৰা তথ্য সম্পাদনা কৰি অ-মুক্ত কপিৰাইটযুক্ত সমলসমূহ আঁতৰ অথবা বিলোপ জাননী প্ৰদান কৰি ৱিকিপিডিয়াক সহায় কৰক। |
মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ | |
---|---|
কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাই অংকন কৰা মহাপুৰুষজনাৰ কল্পিত চিত্ৰ | |
জন্ম | ১৪৪৯[1] বৰদোৱা, নগাঁও, অসম, ভাৰত |
মৃত্যু | ১৫৬৮[1] মধুপুৰ সত্ৰ, ভেলাদংগা, কোচবিহাৰ, ভাৰত |
উপাধি/সন্মান | মহাপুৰুষ, জগতগুৰু |
প্ৰতিষ্ঠাপক | এক শৰণ নাম ধৰ্ম |
দৰ্শন | বৈষ্ণৱ ধৰ্ম |
সাহিত্যিক কৰ্ম | কীৰ্তন ঘোষা, বৰগীত, অংকীয়া নাট |
উল্লেখযোগ্য শিষ্য(সকল) | মাধৱদেৱ |