মগহী ভাষা
From Wikipedia, the free encyclopedia
মগহী (𑂧𑂏𑂯𑂲) বা মগধী (𑂧𑂏𑂡𑂲) এটি পূৰ্বী ভাৰতীয়-আৰ্য ভাষা যি ভাৰতৰ বিহাৰ, ঝাৰখণ্ড আৰু পশ্চিমবংগত ব্যৱহাৰ কৰা হয়।[8][9] নেপালৰ তেৰাঈ অঞ্চলতো মহগী কোৱা হয়।[10] অসমীয়া, বাঙালী আৰু ওড়িয়াৰ দৰে অন্য পূৰ্বী ভাৰতীয়-আৰ্য ভাষাসমূহৰ দৰেই, এই ভাষাৰ জনকো মাগধী প্ৰাকৃত, যাৰ নামৰ পৰাই এই ভাষাৰ নামো আহিছে।[11]
Magahi | |
---|---|
Magadhi | |
| |
Magahi written in Kaithi script[1] | |
থলুৱা অঞ্চল | India |
অঞ্চল | Magadh (southern Bihar, northern Jharkhand, and northwestern West Bengal)[2][3][4] |
জাতীয়তা | Magahi |
স্থানীয় ভাষিক |
12.6 million (2011 census)[5][6] (additional speakers counted under Hindi) |
ভাষা পৰিয়াল |
Indo-European
|
পূৰ্বসূৰী |
Magadhi Prakrit
|
উপভাষা | *Southern Magahi
|
লিখন প্ৰণালী | Devanagari Kaithi (formerly) |
আধিকাৰিক স্থিতি | |
স্বীকৃতিপ্ৰাপ্ত গৌণ ভাষা |
|
ভাষা সংকেত | |
ISO 639-2 | mag |
ISO 639-3 | mag |
Magahi speaking regions |
মগহী ভাষাৰ বিস্তৃত আৰু পুৰণি লোকগাথা আৰু সাধুকথাৰ পৰম্পৰা আছে। এই ভাষা বিহাৰৰ ৯খন জিলা (গয়া, পটনা, জেহানাবাদ, ঔৰংগাবাদ, নলন্দা, শ্বেইখপুৰা, নৱডা, লখীশৰাই আৰু অৰৱল), ঝাৰখণ্ডৰ ৮খন জিলা (হাজাৰিবাঘ, পলমু, ছত্ৰ, কোদৰমা, জমতাৰা, বোকাৰো, ধনবাদ আৰু গিৰিদিহ) আৰু পশ্চিমবংগৰ মালদা জিলাত ঘাইকৈ কোৱা হয়।[12] এই ভাষা ভাষী লোকৰ সংখ্যা প্ৰায় ২০৭০০০০০, খোৰ্থা উপভাষা কোৱা ৮০ লাখ লোকক অন্তৰ্ভুক্ত কৰি।
মগহী মাগধী প্ৰাকৃতৰ পৰা অহা, যি প্ৰাচীন মগধ মহাজনপদত ব্যৱহাৰ কৰা হৈছিল। এই ৰাজ্য আছিল পূৰ্বী ভাৰতত গংগা নদীৰ দক্ষিণে আৰু সোণ নদীৰ পূব দিশে।
১ কোটি ২৬ লাখ মগহী ভাষী লোক থকা স্বত্ত্বেও এই ভাষাক ভাৰতৰ সংবিধানৰ অষ্ট অনুসূচীত অন্তৰ্ভুক্ত কৰা হোৱা নাই। বিহাৰত, হিন্দীহে আনুষ্ঠানিক আৰু শৈক্ষিক ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়, মগহী নহয়।[13] ১৯৬১ চনৰ পৰা ভাৰতৰ জনগণনাত মগহীক হিন্দীৰ উপভাষা হিচাপে অন্তৰ্ভুক্ত কৰা হৈ আহিছে।[14]