ভাষা
মনৰ ভাৱ প্ৰকাশ কৰিবলৈ সাংকেতিক ধ্বনি উচ্চাৰণ / From Wikipedia, the free encyclopedia
ভাষা নিৰ্দিষ্ট এক ভৌগোলিক পৰিৱেশৰ মাজত নিৰ্দিষ্ট এক জনসংখ্যাই প্ৰায় একে ধৰণৰ ধ্বনি উচ্চাৰণ কৰি তাৰ মাজেদি পৰস্পৰ বোধ্য অৰ্থ বা শব্দ বা শব্দ সমষ্টিৰে বাক্য সৃষ্টি কৰি ভাব বিনিময় কৰাকে বা মানুহে মনৰ ভাৱ প্ৰকাশ কৰিবলৈ যিবিলাক সাঙ্কেতিক ধ্বনি উচ্চাৰণ কৰে তাৰ সমষ্টিকে ভাষা (ইংৰাজী: Language) বোলে। মানুহে যিবিলাক কথা কয়, সেইবিলাক একোটা সাঙ্কেতিক ধ্বনিৰ সমষ্টি মাত্ৰ। এই সাঙ্কেতিক ধ্বনি-বিলাকে বহন কৰা সঙ্কেত বুজিলেই এজনে আনজনৰ বক্তব্য বুজে। এইদৰে ধ্বনি-সঙ্কেত বুজাসকলকে এক ভাষাভাষী বোলা হয়।
'ভাষা' শব্দটি সংস্কৃতৰ 'ভাষ' ধাতুৰ পৰা উৎপত্তি হৈছে।[1] 'ভাষ' ধাতুৰ ব্যুৎপত্তিগত অৰ্থ হ'ল 'ব্যক্তবাণী', যাৰ অৰ্থ হ'ল 'স্পষ্ট আৰু পূৰ্ণ অভিব্যঞ্জনা।'[2][3] আনহাতে, ইয়াৰ ইংৰাজী প্ৰতিশব্দ হৈছে 'Language'। যাৰ অৰ্থ 'the faculty of speech'[4] অৰ্থাৎ 'ব্যক্তবাণীৰ দক্ষতা'। 'ভাষা' শব্দটো কেৱল মানুহৰ ক্ষেত্ৰত প্ৰযোজ্য।[3] মানুহৰ বাগিন্দ্ৰীয়ৰদ্বাৰা সীমিত সংখ্যকহে বাগধ্বনি সৃষ্টি হয়। সেই সীমিত বাগধ্বনিকে স্ব-ইচ্ছাৰে প্ৰণালীবদ্ধভাৱে সজাই ভাষাৰ মাধ্যমেৰে মনৰ ভাৱ প্ৰকাশ কৰে।