পশ্চিমবংগ
ভাৰতৰ এখন ৰাজ্য / From Wikipedia, the free encyclopedia
পশ্চিমবংগ ভাৰতবৰ্ষৰ এখন ৰাজ্য। জনসংখ্যাৰ ঘনত্বৰ বিচাৰত এই ৰাজ্য ভাৰতৰ চতুৰ্থ সৰ্বাধিক জনবহুল ৰাজ্য।[3] পশ্চিমবংগ মুঠ ঘৰুৱা উৎপাদনত ভাৰতৰ তৃতীয় বৃহত্তম অৱদানকাৰী।[4] এই ৰাজ্যৰ পূৰ্ব সীমান্তত বাংলাদেশ; উত্তৰ পূৱত অসম; উত্তৰে ভূটান আৰু ছিকিম; উত্তৰ পশ্চিম দিশত নেপাল; পশ্চিমে বিহাৰ আৰু ঝাৰখণ্ড; আৰু দক্ষিণ পশ্চিমে উৰিষ্যা অৱস্থিত। আধুনিক "পশ্চিমবংগ" নামে পৰিচিত এই ভূখণ্ডটি বিগত দুই হাজাৰ বছৰ ধৰি একাধিক ৰাজবংশ আৰু সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত হয়। ১৭৫৭ চনত পলাশীৰ যুদ্ধত জয়লাভ কৰি ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানিয়ে এই অঞ্চলত নিজ আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পিছত সুদীৰ্ঘকাল কলকাতাই ব্ৰিটিছ ভাৰতৰ ৰাজধানীৰ মৰ্যাদা পায়। বিংশ শতাব্দীৰ প্ৰথমছোৱাত পূৰ্ববংগ (বৰ্তমান বাংলাদেশ) আৰু পশ্চিম বংগক একেলগে বেঙ্গল প্ৰেসিডেন্সি বোলা হৈছিল[5]। ব্ৰিটিছ ভাৰতৰ প্ৰথম ৰাজধানী হিচাবে কলিকতা (বৰ্তমানৰ কলকাতা) পশ্চিমীয়া শিক্ষাৰ এক কেন্দ্ৰস্থল স্বৰূপ হৈ পৰে। পশ্চিমীয়া শিক্ষাৰ সুপ্ৰভাবত অঞ্চলটোত শিক্ষা, সংস্কৃতি আৰু প্ৰগতিবাদী চিন্তাধাৰাৰ প্ৰভাৱত নবজাগৰণস্বৰূপৰ সূচনা হয়। ইয়াৰ ফলত ৰাজা ৰামমোহন ৰায়, দয়ানন্দ সৰস্বতী, স্বামী বিবেকানন্দ, ৰবীন্দ্ৰনাথ ঠাকুৰ, অৰবিন্দ আদি মণিষীৰ উত্থান ঘটে। তেওঁলোকৰ মুক্ত চিন্তাধাৰাৰ আৰু সংস্কাৰপন্থী কাৰ্যকলাপৰ ফলত ইয়াতে ভাৰতীয় জাতীয়তাবাদৰ শক্তিশালী ধাৰণাৰ উদ্ভৱ হয় আৰু ই ভাৰতৰ স্বাধীনতা আন্দোলনৰ এক পীঠস্থানত পৰিণত হয়। ১৯৪৭ চনৰ দেশ বিভাজনৰ বঙালী দ্বিখণ্ডিত হ’ল আৰু পশ্চিমবংগ ভাৰতীয় প্ৰজাতন্ত্ৰৰ অন্তৰ্ভুক্ত হয়। পৰবৰ্তীকালত স্বাধীন ভাৰতৰ পশ্চিমবংগত সমসাময়িক ছ'ভিয়েট সংঘৰ লেনিনপন্থী মাৰ্ক্সবাদৰ প্ৰভাৱত সমাজবাদী চিন্তাধাৰাৰ সূচনা হয় আৰু স্বাধীনতাৰ পাচত ইয়াত বৰ্তমানলৈকে (২০১১) মাৰ্ক্স-লেনিনবাদী ৰাজনৈতিক সংস্কৃতিৰ প্ৰাধান্যৰে পৰিচালিত বামপন্থী আঞ্চলিক দলে ৰাজ্যিক শাসনকাৰ্য্য চলাই আহিছে।[6][7][8][9][10]
এই ভাৰত সম্পৰ্কীয় চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে প্ৰবন্ধটো বিস্তাৰ কৰি ইয়াৰ মান উন্নত কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ অনুগ্ৰহ কৰি আগেয়ে সহায়িকাখন এবাৰ চকু ফুৰাব। |
পশ্চিমবংগ | |
---|---|
— ৰাজ্য — | |
ভাৰতত পশ্চিমবংগৰ অৱস্থান | |
পশ্চিমবংগৰ মানচিত্ৰ | |
দেশ | ভাৰত |
অঞ্চল | পূব ভাৰত |
প্ৰতিষ্ঠা | ১ নৱেম্বৰ, ১৯৫৬ |
ৰাজধানী | কলকাতা |
জিলা | মুঠ ২০ খন |
চৰকাৰ | |
- ৰাজ্যপাল | এম কে নাৰায়ণন |
- মুখ্যমন্ত্ৰী | মমতা বন্দ্যোপাধ্যায় |
- বিধানসভা | এককক্ষীয় (২৯৫টি* আসনবিশিষ্ট) |
- লোকসভা | |
- উচ্চ ন্যায়ালয় | কলকাতা উচ্চ ন্যায়ালয় |
মাটিকালি | |
- মুঠ | ৮৮,৭৫২ কি.মি.২ (৩৪,২৬৭.৩ বৰ্গ মাইল) |
অঞ্চলৰ স্থানাংক | 13th |
জনসংখ্যা (২০১১)[1] | |
- মুঠ | ৯,১৩,৪৭,৭৩৬ জন |
- স্থান | ৪thতম |
- জনঘনত্ব | ১,০২৯.২ প্ৰতি বৰ্গ কি.মি. (২,৬৬৫.৭ প্ৰতি বৰ্গ মাইল) |
সময় অঞ্চল | ভাৰতীয় মান সময় (গ্ৰী.মা.স.+০৫:৩০) |
আই এচ অ’ ৩১৬৬ কোড | IN-WB |
মানৱ উন্নয়ন সূচক | ০.৬২৫ (মধ্যম) |
মানৱ উন্নয়ন সূচক স্তৰ | ১৯তম (২০০৫) |
সাক্ষৰতা | ৭৭.১%[2] (16th) |
চৰকাৰী ভাষা | বঙালী •নেপালী •ইংৰাজী |
ৱেবছাইট | wbgov.com |
^* ২৯৪ জন নিৰ্বাচিত, ১ জন মনোনীত |
পশ্চিমবংগ এখন কৃষিনিৰ্ভৰ ৰাজ্য হ'লেও বৰ্তমান ভাৰতৰ অন্য অংশৰ বিকাশৰ লগত সংগতি ৰাখি ইয়াৰ ৰাজনৈতিক নেতৃত্বই ঔদ্যোগীকিকৰণৰ প্ৰয়াস আৰম্ভ কৰিছে। [উদ্ধৃতিৰ প্ৰয়োজন] ১৯৭৭ চনৰ পৰা ২০১১ চনলৈ পশ্চিমবংগত ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী) (সিপিআই(এম)) নেতৃত্বাধীন বামফ্ৰণ্ট চৰকাৰ প্ৰতিষ্ঠিত। এই চৰকাৰ আছিল বিশ্বৰ ইতিহাসত দীৰ্ঘতম গণতান্ত্ৰিক পদ্ধতিত নিৰ্বাচিত কমিউনিষ্ট চৰকাৰ।[11][12][13] বৰ্তমানে বামফ্ৰণ্টকে পৰাজিত কৰি দক্ষিণপন্থী দল তৃণমূল কংগ্ৰেছ ক্ষমতালৈ আহিছে।
পশ্চিমবংগত দুটি ইউনেস্কোৰ বিশ্ব ঐতিহ্যবাহী স্থান আছে। সেয়া হৈছে দাৰ্জিলিং হিমালয়ান ৰেল (ভাৰতীয় পাৰ্বত্য ৰেলপথৰ অংশ হিচাপে) আৰু সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যান।