ভাৰত ৰত্ন
ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান / From Wikipedia, the free encyclopedia
ভাৰত ৰত্ন (হিন্দী: भारत रत्न, ইংৰাজী অনুবাদ জুৱেল অৱ ইণ্ডিয়া[1] বা জেম অৱ ইণ্ডিয়া[2]) ভাৰত দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান।[3]জাতি, বৃত্তি, পদবী বা লিংগৰ পাৰ্থক্য নোহোৱাকৈ "উচ্চতম স্তৰৰ ব্যতিক্ৰমী সেৱা/কাৰ্য্যক্ষমতা"ৰ স্বীকৃতি স্বৰূপে এই বঁটা প্ৰদান কৰা হয়। নিজ নিজ ক্ষেত্ৰলৈ অপৰিসীম অৱদান আগবঢ়োৱা ব্যক্তিক এই সন্মান প্ৰদান কৰা হয়। এই বঁটা প্ৰথমে কলা, সাহিত্য, বিজ্ঞান, আৰু ৰাজহুৱা সেৱাৰ কৃতিত্বৰ মাজতে সীমাবদ্ধ আছিল যদিও ভাৰত চৰকাৰে ২০১১ চনৰ ডিচেম্বৰ মাহত এই মাপকাঠী সম্প্ৰসাৰণ কৰি "মানৱ প্ৰচেষ্টাৰ যিকোনো ক্ষেত্ৰ"ক সামৰি লয়। ভাৰত ৰত্ন প্ৰাপকসকলৰ কোনেও এই বিশেষ সম্মানজনক উপাধি নামৰ অঙ্গ হিচাপে ব্যৱহাৰ কৰিব নোৱাৰে। তথাপিটো ইয়াৰ ভাৰতীয় মানক্ৰমত বিশেষ স্থানৰ অধিকাৰী। ১৯৫৪ চনৰ ২ জানুৱাৰীত স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদে এই পুৰস্কাৰৰ প্ৰৱৰ্তন কৰিছিল।[4] পদ্মবিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী সম্মানবোৰৰ লগত ভাৰত ৰত্ন বঁটা প্ৰদানো ১৩ জুলাই, ১৯৭৭ চনৰ পৰা ২৬ জানুৱাৰী, ১৯৮০ পৰ্যন্ত বন্ধ হৈ আছিল। বৰ্তমানলৈকে (২০২৪ চন) ৫৩ গৰাকী ব্যক্তিক এই সম্মান প্ৰদান কৰা হৈছে। ভাৰতীয় সকলৰ বাদে অন্য বিদেশী ব্যক্তিৰ ভিতৰত খান আব্দুল গফৰ খান (পাকিস্তান), নেলছন মেণ্ডেলা (দক্ষিণ আফ্ৰিকা) আদিকো এই সন্মানেৰে বিভূষিত কৰা হৈছিল। ১৯৫৪ চনত প্ৰথমবাৰৰ বাবে এই সন্মান প্ৰদান কৰা হৈছিল।
ভাৰত ৰত্ন | ||
বঁটাৰ তথ্য | ||
---|---|---|
প্ৰকাৰ | অসামৰিক | |
শ্ৰেণী | সাধাৰণ | |
বৰ্ণনা | আঁহত পাতৰ ওপৰত সূৰ্যৰ চিত্ৰৰ লগত "ভাৰত ৰত্ন" দেৱনাগৰী লিপিত খোদিত | |
প্ৰতিষ্ঠা | ১৯৫৪ | |
অন্তিমবাৰ প্ৰদান | ২০২৪ | |
মুঠ প্ৰদানৰ সংখ্যা | ৫৩ | |
প্ৰদানকৰ্তা | ভাৰত চৰকাৰ | |
মেডেলৰ ফিটাদাল | ||
প্ৰথম প্ৰাপক | ||
অন্তিম প্ৰাপক |
| |
বঁটাৰ মৰ্যদা | ||
নাই ← ভাৰত ৰত্ন → পৰম বীৰ চক্ৰ |
২০১১ চনত ভাৰতৰ গৃহ মন্ত্ৰালয় আৰু ভাৰতৰ প্ৰধান মন্ত্ৰীয়ে এই বটা প্ৰাপকৰ যোগ্যতাৰ মাপকাঠি সংশোধন কৰি ক্ৰীড়াবিদ সকললৈকো এই বঁটা প্ৰদান কৰাৰ সুযোগ প্ৰদান কৰে।[5]