চি ভি ৰামন
ভাৰতীয় বিজ্ঞানী / From Wikipedia, the free encyclopedia
চি ভি ৰামন বা চন্দ্ৰশেখৰ ভেংকটাৰামন (ইংৰাজী: Chandrasekhara Venkata Raman) (১৮৮৮-১৯৭০) আছিল এগৰাকী ভাৰতীয় বিজ্ঞানী। ভাৰতলৈ ন'বেল বঁটাৰ সন্মান কঢ়িয়াই অনা ব্যক্তি সকলৰ ভিতৰত ছাৰ চন্দ্ৰশেখৰ ভেংকটাৰামন অন্যতম। এছিয়াৰ ভিতৰতে ১৯৩০ চনত বিজ্ঞান বিষয়ত ন'বেল বঁটা লাভ কৰা চন্দ্ৰশেখৰ ভেংকটাৰামন আছিল প্ৰথম গৰাকী ব্যক্তি। এই গৰাকী বিশিষ্ট বিজ্ঞানীক ভাৰত চৰকাৰে ১৯৫৪ চনত ভাৰত ৰত্ন উপাধিৰে সন্মানিত কৰিছিল। তেওঁ ভাৰত চৰকাৰৰ ডেপুটী একাউণ্টেণ্ট জেনেৰেল পদত কাৰ্যনিৰ্বাহ কৰিছিল। তদুপৰি পেৰিছ, ৰাছিয়া, হাঙ্গেৰীৰ অকাডেমি অফ ছায়েন্স আদি অনুষ্ঠানে তেওঁক সদস্য হিচাপে লোৱাৰ উপৰিও ইউৰোপ আৰু অনেক ভাৰতীয় বিশ্ববিদ্যালয়ে তেওঁক ডক্টৰেট উপাধিৰে সন্মানিত কৰিছিল।[1]
ক্ষিপ্ৰ তথ্য চন্দ্ৰশেখৰ ভেংকটাৰামন, জন্ম ...
চন্দ্ৰশেখৰ ভেংকটাৰামন | |
---|---|
জন্ম | ৭ নৱেম্বৰ, ১৮৮৮ থিৰুভানা ইককেভাল গাঁও, চেন্নাই, তামিলনাডু |
মৃত্যু | ২১ নৱেম্বৰ, ১৯৭০ (৮২ বছৰ) বাংগালোৰ |
পেচা | বিজ্ঞানী, গণিতজ্ঞ, অধ্যাপক |
ভাষা | তামিল |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰত |
শিক্ষা | স্নাতকোত্তৰ |
উল্লেখযোগ্য বঁটা | ভাৰত ৰত্ন (১৯৫৪) ন'বেল বঁটা (১৯৩০) নাইট উপাধি(১৯২৯) ম্যাটুৰ্হচি সোণৰ বঁটা(১৯২৯) লেলিন বঁটা(১৯৫৭) |
স্বাক্ষৰ |
বন্ধ কৰক