এম এছ স্বামীনাথন
From Wikipedia, the free encyclopedia
মানকোম্বু চাম্বাশিৱন স্বামীনাথন ( ইংৰাজী : Mankombu Sambasivan Swaminathan; ৭ আগষ্ট ১৯২৫ - ২৮ ছেপ্টেম্বৰ ২০২৩) এগৰাকী ভাৰতীয় কৃষি বিজ্ঞানী, উদ্ভিদ জিন বিজ্ঞানী, প্ৰশাসক আৰু মানৱতাবাদী আছিল।[1] স্বামীনাথন সেউজ বিপ্লৱৰ এগৰাকী বিশ্ব নেতা।[2] উচ্চ উৎপাদনক্ষম ঘেঁহু আৰু ধানৰ প্ৰজাতিৰ প্ৰচলন আৰু অধিক বিকাশৰ ক্ষেত্ৰত তেওঁৰ নেতৃত্ব আৰু ভূমিকাৰ বাবে তেওঁক ভাৰতৰ সেউজ বিপ্লৱৰ মূল স্থপতি বুলি অভিহিত কৰা হয়। [1][3] স্বামীনাথনে নৰ্মান বৰলাগৰ সৈতে কৰা সহযোগিতামূলক বৈজ্ঞানিক প্ৰচেষ্টাই কৃষক আৰু অন্যান্য বিজ্ঞানীসকলৰ জৰিয়তে এক গণ আন্দোলনৰ সূচনা কৰিছিল আৰু ই ৰাজহুৱা নীতিৰ দ্বাৰা সমৰ্থিত হৈছিল। এই গণ আন্দোলনেই ১৯৬০ৰ দশকত ভাৰত আৰু পাকিস্তানক নিশ্চিত দুৰ্ভিক্ষসদৃশ পৰিস্থিতিৰ পৰা ৰক্ষা কৰিছিল।[4][5] ফিলিপাইনছৰ আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠানৰ (আই আৰ আৰ আই) সঞ্চালক প্ৰধান হিচাপে আগবঢ়োৱা তেওঁৰ নেতৃত্বই ১৯৮৭ চনত তেওঁক প্ৰথম বিশ্ব খাদ্য বঁটা লাভ কৰাত সহায় কৰিছিল, যিটো নোবেল বা কৃষিৰ ক্ষেত্ৰত সৰ্বোচ্চ সন্মান হিচাপে গণ্য কৰা হয়।[6] ৰাষ্ট্ৰসংঘৰ পৰিৱেশ কাৰ্যসূচীয়ে তেওঁক ‘অৰ্থনৈতিক পৰিৱেশ বিজ্ঞানৰ পিতৃ’ বুলি অভিহিত কৰিছে।[7]
ড° এম এছ স্বামীনাথন | |
---|---|
২০১৩ চনত স্বামীনাথন | |
সদস্য, ৰাজ্যসভা | |
কাৰ্যকাল ২০০৭ (2007) – ২০১৩ (2013) | |
সমষ্টি | মনোনীত |
জন্ম | ৭ আগষ্ট, ১৯২৫ কুম্বকোনম, তাঞ্জোৰ জিলা, মাদ্ৰাছ প্ৰেছিডেন্সী, ব্ৰিটিছ অধীন ভাৰত (বৰ্তমানৰ তাঞ্জাভুৰ জিলা, তামিল নাডু, ভাৰত) |
মৃত্যু | ২৮ ছেপ্টেম্বৰ, ২০২৩ (৯৮ বছৰ) চেন্নাই, তামিল নাডু, ভাৰত |
জাতীয়তা | ভাৰতীয় |
ক্ষেত্ৰ | উদ্ভিদ বিজ্ঞান, উদ্ভিদ বংশগতি তত্ত্ব, বংশগতি তত্ত্ব, চাইট'জেনেটিক্স, পৰিস্থিতি অৰ্থবিজ্ঞান, উদ্ভিদ প্ৰজনন, পৰিৱেশানুকূল প্ৰযুক্তি |
কৰ্মস্থান |
|
শিক্ষানুষ্ঠান |
|
ডক্তৰেল পৰামৰ্শদাতা | এইচ ডব্লিউ হাৱাৰ্ড |
দাম্পত্যসঙ্গী | মীনা স্বামীনাথন (বি. ১৯৫৫; মৃত্যু ২০২২) |
সতি-সন্ততি | ৩; সৌম্যা স্বামীনাথনকে ধৰি |
স্বামীনাথনে আলু, ঘেঁহু আৰু ধানৰ সৈতে জড়িত চাইট'জেনেটিক্স, আয়নীয় বিকিৰণ আৰু ৰেডিঅ'সংবেদনশীলতাৰ দৰে ক্ষেত্ৰত মৌলিক গৱেষণাৰে অৰিহণা যোগাইছিল।[8] তেওঁ পুগৱাছ সন্মিলন আৰু আন্তৰ্জাতিক প্ৰকৃতি সংৰক্ষণ সংঘৰ (IUCN) সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে।[9][10] ১৯৯৯ চনত তেওঁ গান্ধী আৰু ঠাকুৰৰ সৈতে টাইম আলোচনীৰ 'কুৰি শতিকাৰ ২০ গৰাকী আটাইতকৈ প্ৰভাৱশীল এছিয়ান লোক'ৰ তালিকাত স্থান লাভ কৰা তিনিগৰাকী ভাৰতীয়ৰ মাজৰ এজন আছিল, য'ত ইজি টয়োদা, দালাই লামা আৰু মাও জেদঙৰ দৰে ব্যক্তিও আছিল।[1] স্বামীনাথনে শান্তি স্বৰূপ ভাটনাগৰ বঁটা, ৰমন মেগছেছে বঁটা আৰু আলবাৰ্ট আইনষ্টাইন বিশ্ব বিজ্ঞান বঁটাকে ধৰি বহুতো বঁটা আৰু সন্মান লাভ কৰিছে।[7] তেওঁ ২০০৪ চনত ৰাষ্ট্ৰীয় কৃষক আয়োগৰ অধ্যক্ষতা কৰিছিল যিয়ে ভাৰতৰ কৃষি ব্যৱস্থা উন্নত কৰাৰ বাবে সুদূৰপ্ৰসাৰী উপায়ৰ পৰামৰ্শ দিছিল।[11] তেওঁ এম এছ স্বামীনাথন ৰিচাৰ্ছ্ ফাউণ্ডেশ্বনৰ প্ৰতিষ্ঠাপক।[1] পৰিৱেশ বিনষ্ট নকৰাকৈ চিৰস্থায়ী উৎপাদনৰ বাবে থকা তেওঁৰ স্বপ্নক বৰ্ণনা কৰিবলৈ ১৯৯০ চনত তেওঁ 'চিৰসেউজ বিপ্লৱ' শব্দটো ব্যৱহাৰ কৰিছিল।[2][12] ২০০৭ চনৰ পৰা ২০১৩ চনৰ ভিতৰত তেওঁক এটা কাৰ্যকালৰ বাবে ভাৰতৰ সংসদলৈ মনোনীত কৰা হৈছিল।[13] তেওঁৰ কাৰ্যকালত তেওঁ ভাৰতত মহিলা কৃষকৰ স্বীকৃতিৰ বাবে এখন বিধেয়ক দাখিল কৰিছিল, অৱশ্যে ই বৈধতা পোৱা নাছিল।[14] তেওঁ আগবঢ়োৱা অৱদানৰ বাবে ভাৰত চৰকাৰে ২০২৪ চনত তেখেতক মৰণোত্তৰভাৱে ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰে।