সেন্দূৰী বান্দৰ
বান্দৰৰ প্ৰজাতি / From Wikipedia, the free encyclopedia
সেন্দূৰী বান্দৰ (ইংৰাজী: Stump-tailed Macaque) দক্ষিণ এছিয়াত বিস্তৃত হৈ থকা বান্দৰৰ এবিধ প্ৰজাতি। ইয়াৰ গাৰ বৰণ গাঢ় খয়েৰী বৰণৰ। নেজ অত্যনত চুটি আৰু নোমহীন। নেজৰ এই বৈশিষ্ট্যৰ বাবেই এই প্ৰজাতিবিধৰ ইংৰাজী নাম Stump-tailed হয়। সেন্দূৰীয়া বান্দৰৰ মুখখন নোমহীন আৰু তাত কিছুমান ক'লা ক'লা দাগ দেখা পোৱা যায়। এই ক'লা দাগবোৰৰ মাজে মাজে পৰিলক্ষিত হোৱা ৰঙা দাগবোৰৰ বাবে এই প্ৰজাতিৰ অসমীয়া নাম সেন্দূৰী বান্দৰ হয়।[3]
ক্ষিপ্ৰ তথ্য সেন্দূৰী বান্দৰ (Stump-tailed macaque), সংৰক্ষণ স্থিতি ...
সেন্দূৰী বান্দৰ (Stump-tailed macaque)[1] | |
---|---|
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Mammalia |
বৰ্গ: | Primates |
পৰিয়াল: | Cercopithecidae |
গণ: | Macaca |
প্ৰজাতি: | M. arctoides |
বৈজ্ঞানিক নাম | |
Macaca arctoides (I. Geoffroy, 1831) | |
সেন্দূৰী বান্দৰৰ বিতৰণ (blue — native, red — introduced, orange — possibly extinct) | |
সমাৰ্থক | |
|
বন্ধ কৰক