মোক্ষগুণ্ডম বিশ্বেশ্বৰায়
ভাৰতীয় অভিযন্তা, বিদ্বান আৰু লোকনায়ক / From Wikipedia, the free encyclopedia
মোক্ষগুণ্ডম বিশ্বেশ্বৰায় (ইংৰাজী: Mokshagundam Visvesvaraya) (১৫ ছেপ্টেম্বৰ ১৮৬১ ― ১২ এপ্ৰিল ১৯৬২)[1] এজন ভাৰতীয় অভিযন্তা, বিদ্বান আৰু লোকনায়ক। তেওঁ ১৯১২ চনৰ পৰা ১৯১৮ চনলৈ মহীশূৰৰ দেৱান আছিল। ১৯৫৫ চনত তেওঁক ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰা হৈছিল। তেওঁৰ অতুলনীয় অৱদানৰ বাবে ৰজা জৰ্জ পঞ্চমে তেওঁক "নাইট কমাণ্ডাৰ অফ ব্ৰিটিছ এম্পযাৰ" উপাধি প্ৰদান কৰিছিল। প্ৰতি বছৰে তেওঁৰ জন্মদিন ১৫ ছেপ্টেম্বৰ গোটেই ভাৰতত তেওঁৰ স্মৃতিত অভিযন্তা দিৱস হিচাপে পালন কৰা হয়। স্বাধীনোত্তৰ কালত তেওঁ এজন প্ৰসিদ্ধ অভিযন্তা আছিল। তেওঁ মহীশূৰৰ কৃষ্ণ ৰাজা সাগৰ নদী বান্ধৰ তেওঁ মুখ্য অভিযন্তা আছিল আৰু নদী বন্ধটোৰ নিৰ্মাণত তেওঁ নিঃস্বাৰ্থ অৱদান আগ বঢ়াইছিল। তদুপৰি তেওঁ হায়দৰাবাদ মহানগৰীৰ বানপানী সুৰক্ষা তন্ত্ৰৰ মুখ্য নক্সা প্ৰস্তুত কৰোঁতা আছিল।
ক্ষিপ্ৰ তথ্য ছাৰশ্ৰী মোক্ষগুণ্ডম বিশ্বেশ্বৰায় (নাইট কমাণ্ডাৰ অৱ ব্ৰিটিছ ইণ্ডিয়ান এম্পায়াৰ)ভাৰত ৰত্ন, মহীশূৰ ৰাজ্যৰ দিৱান ...
ছাৰ শ্ৰী মোক্ষগুণ্ডম বিশ্বেশ্বৰায় | |
---|---|
.ಶ್ರೀ.ಸರ್.ಎಂ.ವಿಶ್ವೇಶ್ವರಯ್ಯ | |
৩০ৰ দশকত বিশ্বেস্বৰ্য | |
মহীশূৰ ৰাজ্যৰ দিৱান | |
কাৰ্যকাল ১৯১২ – ১৯১৮ | |
ৰাজশাসক | কৃষ্ণ ৰাজা ৱাদিয়াৰ পঞ্চম |
পূৰ্বসূৰী | টি. আনন্দ ৰাও |
উত্তৰসূৰী | এম. কান্তৰাজ উৰ্চ |
ব্যক্তিগত তথ্য | |
জন্ম | ১৫ ছেপ্টেম্বৰ, ১৮৬১ মুদ্দীনহল্লী,চিক্কাবাল্লাপূৰ, মহীশূৰ ৰাজ্য (বৰ্তমান কৰ্ণাটক), ব্ৰিটিছ ভাৰত |
মৃত্যু | ১২ এপ্ৰিল, ১৯৬২ (১০০ বছৰ) বাংগালোৰ, মহীশূৰ ৰাজ্য, ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
শিক্ষানুষ্ঠান | কলেজ অফ ইঞ্জিনীয়াৰিং পুণে |
জীৱিকা | অভিযন্তা |
বন্ধ কৰক