মহীশূৰ
কৰ্ণাটকৰ নগৰ / From Wikipedia, the free encyclopedia
মহীশূৰ (কন্নড়: ಮೈಸೂರು) কৰ্ণাটকৰ তৃতীয়খন বৃহৎ[4] আৰু জনপ্ৰিয়তাৰ তৃতীয় স্থানত থকা মহানগৰ। কৰ্ণাটকৰ ৰাজধানী বাংগালুৰুৰ দক্ষিণ পশ্চিম দিশলৈ চামুণ্ডী শিলৰ তললৈ অৱস্থিত এই মহানগৰখনৰ কালি ১২৮.৪২ বৰ্গ কিল'মিটাৰ, জনসংখ্যা ২০১১ চনৰ লোকপিয়ল অনুসৰি ৮৮৭,৪৪৬।
মহীশূৰ | |
---|---|
— মহানগৰ — | |
Mysuru Montage.jpgঘড়ীকাঁটাৰ দিশত ওপৰৰপৰা: মহীশূৰ মহল, মন্দ্যাৰ শিৱনাসমুদ্ৰা জলপ্ৰপাত, ইনফোচিচ কোম্পানীৰ মহীশূৰ কেম্পাচ, মন্দ্যাৰ বৃন্দাবন উদ্যান, শোমনাথপুৰাৰ মন্দিৰ, ললিতা মহল, চেইণ্ট ফিলোমেনাৰ গীৰ্জা আৰু চামুন্দেশ্বৰী মন্দিৰ | |
দেশ | ভাৰত |
ৰাজ্য | কৰ্ণাটক |
বিভাগ | মহীশূৰ বিভাগ |
জিলা | মহীশূৰ জিলা |
মাটিকালি | |
- মহানগৰ | ১৫২ কি.মি.২ (৬০.১২ বৰ্গ মাইল) |
উচ্চতা | ৭৬৩ মিটাৰ (২,৫০৩.২৮ ফুট) |
জনসংখ্যা (২০১১)[1][2] | |
- মহানগৰ | ৯,২০,৫৫০ জন |
- স্থান | ৫৩তম |
- জনঘনত্ব | ৬,০৫৬.৩ প্ৰতি বৰ্গ কি.মি. (১৫,৬৮৫.৬ প্ৰতি বৰ্গ মাইল) |
- মহানগৰ[3] | ৯,৯০,৯০০ জন |
সময় অঞ্চল | ভাৰতীয় মান সময় (গ্ৰী.মা.স.+৫:৩০) |
পিনক'ড | ৫৭০ ০-- |
যানবাহনৰ নম্বৰ | KA 09, KA 55 |
ফোন নম্বৰ | 91-(0)821-XXX-XXXX |
ভাষা | কন্নড় |
ৱেবছাইট | www |
১৩৯৯ চনৰ পৰা ১৯৫৬ চনলৈ মহীশূৰ আছিল মহীশূৰ ৰাজ্যৰ ৰাজধানী। ৱডেয়াৰ বংশৰ দ্বাৰা এই ৰাজ্য পৰিচালিত হৈছিল। এই সময়খিনিতে ঠাইখন কলা আৰু সাংস্কৃতিক দিশত আগবাঢ়ি গৈছিল। সেইবাবেই ইয়াক কৰ্ণাটকৰ সাংস্কৃতিক ৰাজধানী বুলিও কোৱা হয়। মহীশূৰ ইয়াত থকা ঐতিহ্যমণ্ডিত ঠাই আৰু ভাস্কৰ্যৰ বাবে বিখ্যাত। দশেহৰা উৎসৱৰ সময়ত ইয়ালৈ দেশ বিদেশৰ পৰ্যটকে ভীৰ লগায়। ইয়াৰ মহীশূৰ দশেহৰা, মহীশূৰ চিত্ৰ, মহীশূৰ পাক(মিঠাই), মহীশূৰ মচলা দোচা, মহীশূৰ চণ্ডাল চাবোন, মহীশূৰ চিঞাহী, মহীশূৰ পেটা(স্থানীত পাগুৰি) আৰু মহীশূৰ শাৰী ইত্যাদি অন্যতম। পৰ্যটনেই ইয়াৰ মূল উদ্যোগ হিচাপে চিহ্নিত হৈছে যদিও আন উদ্যোগো নথকা নহয়। ইয়াৰ পৰিবহণ ব্যৱস্থাৰ ভিতৰত মুখ্যতঃ ৰেল, বাছ আৰু দশেহৰাৰ সময়ত বিমান পৰিবহণ ব্যৱস্থা সক্ৰিয় হৈ পৰে। ভাৰতৰ প্ৰথম ব্যক্তিগত ৰেডিঅ' সংস্থা মহীশূৰতেই আছিল। মহীশূৰ বিশ্ববিদ্যালয়ৰ মুখ্য কাৰ্যালয়ো ইয়াত অৱস্থিত। ক্ৰিকেট, লন টেনিছ ইয়াত জনপ্ৰিয় খেল।