নাজমা হেপতুল্লা
From Wikipedia, the free encyclopedia
নাজমা আকবৰ আলি হেপতুল্লা (গুজৰাটী: નજમા હેપ્તુલા; জন্ম: ১৩ এপ্ৰিল ১৯৪০) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু বৰ্তমান মণিপুৰৰ ৰাজ্যপাল। ইয়াৰ লগতে তেওঁ জামিয়া মিলিয়া ইছলামীয়াৰ আচাৰ্য পদত অধিষ্ঠিত হৈ আছে। তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাক্তন ৰাষ্ট্ৰীয় উপাধ্যক্ষ। তেওঁ ১৯৮০ চনৰ পৰা ২০১৬ চনলৈ মুঠ ছয়বাৰ ৰাজ্যসভালৈ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। ইয়াৰ লগতে তেওঁ ১৬ বছৰকাল ৰাজ্যসভাৰ উপাধ্যক্ষ আছিল।[3]
নাজমা হেপতুল্লা | |
---|---|
মণিপুৰৰ ১৬তম ৰাজ্যপাল | |
পদাধিকাৰ | |
কাৰ্যভাৰ গ্ৰহণ ২৪ জুলাই ২০১৯ | |
ৰাষ্ট্ৰপতি | ৰাম নাথ কোৱিন্দ |
প্ৰধানমন্ত্ৰী | নৰেন্দ্ৰ মোদী |
মুখ্যমন্ত্ৰী | এন. বিৰেন সিং |
পূৰ্বসূৰী | পদ্মনাভ বালকৃষ্ণ আচাৰ্য |
কাৰ্যকাল ২১ আগষ্ট ২০১৬ – ২৬ জুন ২০১৯ | |
মুখ্যমন্ত্ৰী | অক্ৰাম ইববী সিং এন. বিৰেন সিং |
পূৰ্বসূৰী | ভি. সন্মুগনাথন |
উত্তৰসূৰী | পদ্মনাভ বালকৃষ্ণ আচাৰ্য |
জামিয়া মিলিয়া ইছলামীয়াৰ একাদশ আচাৰ্য | |
পদাধিকাৰ | |
কাৰ্যভাৰ গ্ৰহণ ২৬ মে' ২০১৭[1][2] | |
উপাচাৰ্য | তলাট আহমেদ নাজমা আখটাৰ |
পূৰ্বসূৰী | মহম্মদ আহমেদ জাকি |
সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী | |
কাৰ্যকাল ২৬ মে' ২০১৪ – ১২ জুলাই ২০১৬ | |
প্ৰধানমন্ত্ৰী | নৰেন্দ্ৰ মোদী |
পূৰ্বসূৰী | কে. ৰহমান খান |
উত্তৰসূৰী | মুখটাৰ আব্বাছ নাকবি |
ৰাজ্যসভাৰ উপাধ্যক্ষ | |
কাৰ্যকাল ২৫ জানুৱাৰী ১৯৮৫ – ২০ জানুৱাৰী ১৯৮৬ | |
পূৰ্বসূৰী | শ্যামলাল যাদৱ |
উত্তৰসূৰী | এম. এম. জেকব |
কাৰ্যকাল ১১ নৱেম্বৰ ১৯৮৮ – ১০ জুন ২০০৪ | |
পূৰ্বসূৰী | প্ৰতিভা পাটিল |
উত্তৰসূৰী | কে. ৰহমান খান |
ৰাজ্যসভাৰ সাংসদ | |
কাৰ্যকাল ৩ এপ্ৰিল ২০১২ – ২০ আগষ্ট ২০১৬ | |
সমষ্টি | মধ্য প্ৰদেশ |
কাৰ্যকাল ২০০৪-২০১০ | |
সমষ্টি | ৰাজস্থান |
কাৰ্যকাল ১৯৮০-২০০৪ | |
সমষ্টি | মহাৰাষ্ট্ৰ |
ব্যক্তিগত তথ্য | |
জন্ম | ১৩ এপ্ৰিল, ১৯৪০ (৮৪ বছৰ) ভূপাল, ভূপাল ৰাজ্য, ব্ৰিটিছ ভাৰত |
ৰাজনৈতিক দল | ভাৰতীয় জনতা পাৰ্টি (২০০৪ চনৰ পৰা) |
আন ৰাজনৈতিক সম্পৰ্ক |
ভাৰতীয় জাতীয় কংগ্ৰেছ (১৯৬০ৰ দশক–২০০৪) |
দাম্পত্যসঙ্গী | আকবৰ আলি আখটাৰ হেপতুল্লা (বি. ১৯৬৬; মৃ. ২০০৭) |
সন্তান | ৩ |
বাসস্থান | ৰাজ ভৱন, ইম্ফল |
শিক্ষানুষ্ঠান | বিক্ৰম বিশ্ববিদ্যালয় |
তেওঁ অভিনেতা আমিৰ খানৰ সম্পৰ্কীয় ভনী আৰু ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰী মৌলানা আব্দুল কালাম আজাদৰ নাতিনী ভতিজী।[4][5][6] ২০০৭ চনৰ আগষ্ট মাহত অনুষ্ঠিত ভাৰতৰ ১৩তম উপৰাষ্ট্ৰপতি নিৰ্বাচনত তেওঁ ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ প্ৰাৰ্থী আছিল। এই নিৰ্বাচনত তেওঁ ২৩৩ ভোটত হামিদ আনছাৰী হাতত পৰাজিত হৈছিল। ২০১৪ চনৰ ২৬ মে' তাৰিখে নৰেন্দ্ৰ মোদী প্ৰথম কেবিনেটত তেওঁ সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰীপদ লাভ কৰিছিল।